Diwali awareness program : নলবাৰীত জল দীপাৱলী প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন - Jal Diwali celebration in Nalbari
🎬 Watch Now: Feature Video


Published : Nov 9, 2023, 6:19 PM IST
নলবাৰী,৯ নৱেম্বৰ : দীপাৱলীক লৈ সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰস্তুতি দেখা গৈছে । তাৰ মাজতে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান নলবাৰী আৰু এএমআৰইউটিৰ উদ্যোগত তথা নলবাৰী পৌৰসভাৰ সহযোগত নলবাৰী গান্ধী পাৰ্কত বৃহস্পতিবাৰে জল দীপাৱলী শীৰ্ষক এক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয় । এই প্ৰশিক্ষণ শিবিৰত মহিলা আত্মসহায়ক গোটসমূহে অংশগ্ৰহণ কৰে ।
প্ৰশিক্ষণৰ পূৰ্বে 'মহিলাৰ বাবে পানী, পানীৰ বাবে মহিলা' শীৰ্ষক এক সজাগতা সভাৰো আয়োজন কৰা হয় । আনহাতে এই প্ৰশিক্ষণ শিবিৰত মহিলাসকলক পানীৰ গুণাগুণ পৰীক্ষা, পানীৰ চাহিদা ব্যৱস্থাপনা, কাৰ্যকৰী ফলাফলৰ ওপৰত মতামত, পানীৰ সংগ্ৰহ ইত্যাদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয় । প্ৰশিক্ষণ কাৰ্যসূচীত নলবাৰীৰ পৌৰসভাৰ অতিৰিক্ত আয়ুক্ত চয়নিকা ঠাকুৰীয়া, পৌৰপতি জয়শ্ৰী তালুকদাৰ, নলবাৰী এনইউএলএম'ৰ প্ৰকল্প প্ৰৱন্ধক ৰিদিপ দলে, জীৱিকা সখী নিজৰা দাস, দীপিকা বৰা মালাকাৰ, মামনী দেৱীৰ লগতে পৌৰসভাৰ ৱাৰ্ড আয়ুক্তসকল উপস্থিত থাকে ।