Awareness meeting in Nalbari: ড্ৰাগছৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগতা সভা - Awareness meeting against child marriage
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-08-2023/640-480-19364775-thumbnail-16x9-nalbari-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 26, 2023, 6:30 PM IST
নলবাৰী,২৬ আগষ্ট: নলবাৰীৰ শনিৰোডত ড্ৰাগছৰ দৰে অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অনুষ্ঠিত কৰা হয় এখনি সজাগতামূলক সভা । ১নং কান্ধবাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু মুকালমুৱা আৰক্ষী থানাৰ নাগৰিক সমিতি আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত সজাগতামূলক সভাখন শনিৰোড চ'ক বজাৰত অনুষ্ঠিত কৰা হয় ।
সজাগতামূলক সভাত উপস্থিত থাকি নলবাৰী জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ড্ৰাগছ, বাল্যবিবাহ আৰু জুৱা খেল ৰোধ কৰাৰ ক্ষেত্ৰত ৰাইজক সজাগ হবলৈ আহ্বান জনায় । লগতে এই সামাজিক ব্যাধিসমূহ সমাজৰ পৰা নিৰ্মূল কৰাৰ ক্ষেত্ৰত আৰক্ষীক সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনাই ।
আনহাতে সোপাধৰা সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে এইয়া এক উৰাবাতৰিহে । নলবাৰী জিলাত তেনে কোনো ঘটনা সংঘটিত হোৱা নাই গতিকে ৰাইজক আতংকিত নহবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে । সজাগতামূলক সভাখনত নলবাৰী জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ লগতে উপস্থিত থাকে নলবাৰী গাঁওৰক্ষী বাহিনীৰ উপ-উপদেষ্টা ৰঞ্জিত তালুকদাৰ, মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাকে আদি কৰি অঞ্চলটোৰ পাঁচ শতাধিক ৰাইজ ।
লগতে পঢ়ক: TMCH water crisis news: তিনিদিন ধৰি খোৱা পানীৰ সংকটত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল
TAGGED:
Awareness meeting in Nalbari