Awareness bike rally by ABSU: অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে তামুলপুৰত এবছুৰ সজাগতা বাইক ৰেলী - সজাগতা বাইক ৰেলী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16917577-thumbnail-3x2-jggh.jpg)
নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সহযোগত তামুলপুৰত বিভিন্ন নিচাজাতীয় সামগ্ৰী, অনৈতিক কাৰ্যকলাপ আৰু ডাইনী হত্যাৰ বিৰুদ্ধে আজি এটি সজাগতা বাইক ৰেলী উলিয়াওৱা হয় (Awareness bike rally by ABSU) । আজিৰ এই বাইক ৰেলী কাৰ্যসূচীটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে । মাদাৰবাৰীৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলীটো তামুলপুৰ জিলাৰ পাটকিজুলী, দৰংগামেলা, কুমাৰীকাটা, তামুলপুৰ, গোৰেশ্বৰ পৰিভ্ৰমণ কৰে । বাইক ৰেলীৰ অন্তত চিখনা বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয় । সভাত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীসহ জিলা সমিতিৰ বিষয়ববীয়াসকল ।
Last Updated : Feb 3, 2023, 8:32 PM IST