thumbnail

By

Published : Aug 15, 2022, 1:41 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

লাহোৱালত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ শুভ উদ্বোধন কৃষি মন্ত্ৰী অতুল বৰাৰ

শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ । লাহোৱাল সমষ্টিৰ অন্তৰ্গত ২নং মোহনবাৰী মিৰিপথাৰ গাঁওস্থিত অংগনবাদী কেন্দ্ৰটো আটকধুনীয়াকৈ পুনঃনিৰ্মাণ কৰি উলিওৱা হৈছে ৷ নৱ-নিৰ্মিত আদৰ্শ অংগনবাদী কেন্দ্ৰটো দেওবাৰে শুভ উদ্বোধন কৰে কৃষি মন্ত্ৰী অতুল বৰাই (Atul bora inaugurate model Anganwadi center at Lahuwal) । ২৫ লাখ টকা ব্যয়েৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে আদৰ্শ অংগনবাদী কেন্দ্ৰটো । নৱ-নিৰ্মিত আদৰ্শ অংগনবাদী কেন্দ্ৰটোৰ চৌহদত কৃষি মন্ত্ৰী অতুল বৰা আৰু বিধায়ক বিনোদ হাজৰিকাই এটিকৈ গছপুলি ৰোপণ কৰে । লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই আদৰণি সম্ভাষণ জনোৱা সভাত মন্ত্ৰী গৰাকীক সংগ দিয়ে ডিব্ৰুগড় জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্ৰেতাংক মিশ্ৰই ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.