ATTSA protest in Mariani:মৰিয়নিত চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাৱীত আটছাৰ ধৰ্ণা - attsa protest at seleng tea estate in mariani
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-07-2023/640-480-19050704-thumbnail-16x9-jor-aspera.jpg)
যোৰহাট, ২০ জুলাই: যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নিৰ চেলেং চাহ বাগিচাত শ্ৰমিকৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আটছাৰ । চেলেং চাহ বাগিচাত শ্ৰমিক আইন উলংঘা কৰি বাগিছা কৰ্তৃপক্ষই শ্ৰমিক সকলক প্ৰাপ্য সা সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে । বিশেষকৈ বিশুদ্ধ খোৱাপানী,উপযুক্ত চিকিৎসা সেৱা প্ৰদানৰ দাবীত আটছাৰ চেলেংহাট উপ শাখাই বাগিছাখনৰ কলঘৰৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
শীঘ্ৰে বাগিছা কৰ্তৃপক্ষই শ্ৰমিকসকলক মৌলিক সা-সুবিধাসমূহ প্ৰদান নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈ অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আটছাই । উল্লেখ্য যে বিগত সময়ত চাহ বাগিচা আৰু কলঘৰ কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলৰ সমস্যা প্ৰতি তিলমানো গুৰুত্ব প্ৰদান নকৰি নিৰাপত্তাবিহীনভাৱে কামত নিয়োগ কৰাৰ ফলত বিভিন্ন দুৰ্ঘটনাৰ বলি হ'ব লগা হৈছে শ্ৰমিকসকল। শ্ৰমিকৰ নিৰাপত্তা আৰু বিভিন্ন মৌলিক সমস্যা সমাধানৰ বাবে চাহ শ্ৰমিক সংগঠনবোৰে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও কোনো সুফল পোৱা নাই ।
TAGGED:
ATTSA protest in Mariani