Tinsukia News: তিনিচুকীয়াত আটচা নেতাক আটক

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 5:48 PM IST

thumbnail

তিনিচুকীয়া,৩ ছেপ্টেম্বৰ: অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়কক দেওবাৰে তিনিচুকীয়া জিলাৰ তালাপৰ এখন পথাৰৰ মাজত আটক কৰে তিনিচুকীয়া আৰক্ষীৰ এটা দলে ৷ 

জগত নায়কে আন দুই সতীৰ্থৰ সহযোগত সুৰুজ ওৰাং নামৰ এজন লোকক প্ৰহাৰ কৰি হাত ভাঙি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ভুক্তভোগী লোকজনে শনিবাৰে ডুমডুমা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে খেদি খেদি আটক কৰে আটছা নেতা জগত নায়কক ৷  

ইফালে জগত নায়কৰ লগতে অমৰ তেলী নামৰ আন এগৰাকী অভিযুক্তকো আটক কৰে আৰক্ষীয়ে ৷ সুৰুজ ওৰাঙৰ ডুমডুমা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ গোচৰ নং 0219/23 DDM PS.IPC 1860/341/326/365/511/506 ধাৰা সন্নিৱিষ্ট হৈছে জগত নায়ক আৰু সহযোগী অমৰ তেলীৰ বিৰুদ্ধে ৷

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়কক আটক কৰাৰ পাছতে তিনিচুকীয়া সদৰ আৰক্ষী থানাত অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসে অব্যাহত ৰাখিছে মাৰাথন জেৰা ৷ 

লগতে পঢ়ক: Chamber of Commerce: বৰপেটাত চেম্বাৰ অৱ কমাৰ্চৰ শাখা গঠন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.