Athletics training in Morigaon:মৰিগাঁও মহাবিদ্যালয় প্ৰাংগণত আৰম্ভ এথলেটিকচ প্ৰশিক্ষণ - মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 23, 2023, 8:26 PM IST

মৰিগাঁও, 23 জুন : শুকুৰবাৰৰ পৰা মৰিগাঁও মহাবিদ্যালয়ত অসম ভিত্তিত পোন্ধৰ দিনীয়া এথলেটিকচ প্ৰশিক্ষণৰ শুভাৰম্ভ । এই পৃথিৱী এক ক্ৰীড়াংগণ, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ । সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ এই বিশ্ব বিশ্ৰুত গীতৰ কলিৰে মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই মুকলি কৰে ১৫ দিনীয়া ক্ৰীড়া প্ৰশিক্ষণ । প্ৰশিক্ষণৰ মুকলি কৰি দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে কয় যে ক্ৰীড়াৰ জৰিয়তে চৰিত্ৰ গঠন আৰু চৰিত্ৰ গঠনৰ জৰিয়তে ৰাষ্ট্ৰ গঠন কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

এথলেটিকচ প্ৰশিক্ষণৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলৰ শাৰীৰিক উৎকৰ্ষ সাধন কৰাৰ সমান্তৰালকৈ আত্ম সংস্থাপনৰ ক্ষেত্ৰতো প্ৰভূত বৰঙণি যোগাব । শুকুৰবাৰে মৰিগাঁও মহাবিদ্যালয়ৰ অডিটৰিয়ামত এই ১৫ দিনীয়া ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয় ৷ মৰিগাঁও জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু State Level Advisory Committee For Student And Youth Welfare সমিতিৰ সহযোগত এথলেটিকচ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় ।

অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা, মৰিগাঁও মহাবিদ্যালয় অধ্যক্ষ, প্ৰবক্তা, ছাত্ৰ-ছাত্ৰীৰ লগতে বহুকেইজন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ৷ আনহাতে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বহু কেইজন প্ৰাক্তন খেলুৱৈ, চৰকাৰী পেঞ্চন প্ৰাপ্ত খেলুৱৈক সম্বৰ্দ্ধনা জনোৱা হয় ৷ এই অনুষ্ঠানটিতে বক্তাসকলে ক্ৰীড়াক আজিৰ দিনত জীৱন সংস্থাপন, জীৱনৰ লক্ষ্য কৰি ল'ব পাৰি বুলিও উল্লেখ কৰে ৷ লগতে  ধিং এক্সপ্ৰেছ খ্যাত হীমা দাস, বক্সাৰ লাভলীনা বৰগোহাঁই, শিৱ থাপা আদি খেলুৱৈৰ প্ৰসংগ উল্লেখ কৰি উক্ত খেলুৱৈসকলৰ পৰা অনুপ্ৰাণিত হ’বলৈ আহবান জনায় ৷

লগতে পঢ়ক : Maha Jansampark Abhiyan: নুমলীগড়-গহপুৰক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব সুৰংগ; মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.