Titabor News: ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ শুনানি পূৰ্বে কৰ্ণধাৰ সমিতিৰ সম্পাদকক মাৰপিট

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 9:29 PM IST

thumbnail

তিতাবৰ, ২১ ছেপ্টেম্বৰ: গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতি আৰু পৰিচালনা সমিতিৰ মাজত নামঘৰ পৰিচালনাক লৈ দীৰ্ঘদিনে চলি থকা আইনী যুদ্ধৰ মাজতে বৃহস্পতিবাৰে ঘিলাধাৰী আৰক্ষী থানাত হ’বলগীয়া নামঘৰৰ শুনানিৰ পূৰ্বে দুয়োপক্ষৰ লোকৰ মাজত প্ৰচণ্ড মাৰপিট ঘটনা সংঘটিত হয় ৷ নামঘৰৰ কৰ্ণধাৰ সমিতিৰ সম্পাদক চন্দ্ৰ পাঠক বৰহোলা ১১ নং ব্লকৰ নিজা বাসগৃহৰ পৰা নামঘৰৰ শুনানি কাৰণে আঠখেলীয়া নামঘৰলৈ আহি থকা থকা অৱস্থাত পৰিচালনা সমিতিৰ পক্ষৰ নাঙল গাঁৱৰ ৰণ্টু শইকীয়া নামৰ যুৱকজনে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ 

ৰণ্টু শইকীয়াৰ প্ৰহাৰৰ ফলত পথতে ঢলি পৰে চন্দ্ৰ পাঠক ৷ তেজেৰে লুটুৰি-পুটুৰি অৱস্থাত স্থানীয় ৰাইজে চন্দ্ৰ পাঠকক উদ্ধাৰ কৰি বৰহোলা সামূহিক চিকিৎসালয়লৈ লৈ যায় ৷ ইয়াৰ পাচতেই নামঘৰৰ কৰ্ণধাৰ সমিতিয়ে বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত চিকিৎসালয়ত বৰহোলা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ ইফালে ৰন্টু শইকীয়াই চন্দ্ৰ পাঠকক মাৰপিট কৰাৰ অভিযোগ নস্যাৎ কৰিছে ।

লগতে পঢ়ক: Protest at Tamulpur: তামুলপুৰত চামিল নহয় বাক্সাৰ সূৱণখাটা আৰু জোপাদং অঞ্চলৰ ৰাইজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.