Vulture death in Majuli: মাজুলীত 7 টাকৈ শগুন নিধন; কেইবাটাও শগুন অচেতন - vultures killed by food poisoning
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-17814386-thumbnail-4x3-xogun.jpg)
মাজুলী, 21 ফেব্ৰুৱাৰী: ৰাজ্যত লুপ্তপ্ৰায় শগুন ৷ সম্প্ৰতি বিলুপ্তিৰ পথলৈ গতি কৰিছে শগুন (Vulture in India) ৷ এইবাৰ সত্ৰ নগৰী মাজুলীত দুখজনক দৃশ্য দেখিবলৈ পোৱা গৈছে । মাজুলীৰ বোকাবিল পথাৰত এই দুখজনক পৰিৱেশ (Vulture death in Majuli) । মাজুলীৰ বোকাবিল পথাৰ অচেতন অৱস্থাত পৰি আছে ১৭ টাকৈ শগুন । ইয়াৰে ৭ টা শগুন ইতিমধ্যেই মৃত্যু হৈছে বুলি জানিবলৈ পোৱা গৈছে (Endangered vulture died in Assam) ।
জানিবলৈ পৰামতে এটা মৃত গৰুৰ কাষত অচেতন হৈ পৰি আছিল শগুনৰ জাকটো ৷ এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোকে ততাতৈয়াকৈ ৰতনপুৰ ৰাজ্যিক পশু চিকিৎসালয়ত অৱগত কৰে ৷ খবৰ পোৱাৰ মাত্ৰকে চিকিৎসক প্ৰণৱ কুচৰ নেতৃত্বত এটি চিকিৎসকৰ দল উপস্থিত হৈ শগুনকেইটাৰ চিকিৎসা অব্যাহত ৰাখে ৷ প্ৰাৰম্ভিক চিকিৎসাত জানিবলৈ দিয়া মতে মৰা গৰুৰ ওচৰত শগুন কেইটা পৰি থকা দৃশ্য পৰিলক্ষিত কৰি খাদ্যৰ লগত বিশ্বক্ৰিয়া হৈ এই দুখজনক ঘটনা সংঘটিত হ’ব পাৰে বুলি আশংকা কৰে ৷
অৱশ্যে শগুনকেইটাৰ মৰোণোত্তৰ পৰীক্ষাৰ পিচতহে শগুনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈ উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত হোৱা নাই ৷ উল্লেখ্য যে, শেহতীয়াকৈ শিৱসাগৰৰ বৰগিলা বিলৰ সমীপত নাওজানত একেলগে 25 টাকৈ দুষ্প্ৰাপ্য শগুনৰ মৃত্যু হয় (vulture death in Sivsagar) ৷ লগতে অসুস্থ হৈ পৰে আন 8 টা শগুন ৷
মৃত শগুন কেইটাৰ কাষতে স্থানীয়লোকে প্ৰত্যক্ষ কৰে এটুকুৰা গো-মাংস (Vulture die by suspected poisoning) ৷ সেয়েহে কোনো দুষ্ট লোকে মৃত গৰুটোত বিহ ঢালি দিয়াৰ পিচত সেই মাংস ভক্ষণ কৰি শগুন কেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে (Vulture die by suspected poisoning) ৷ এতিয়া এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত শগুনৰ মৃত্যুৰ খবৰে এতিয়া হতচকিত কৰি তুলিছে প্ৰকৃতি প্ৰেমীক ৷
লগতে পঢ়ক : Vulture death in Sivsagar: হৃদয়বিদাৰক ! বিষক্ৰিয়া হৈ শিৱসাগৰত একেলগে 25 টা শগুনৰ মৃত্যু