এনকাউণ্টাৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 7:54 PM IST

গুৱাহাটী, ২৭ ডিচেম্বৰঃ ৰাজ্যত শেহতীয়াকৈ পুনৰ কেইবাটাও এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে । আলফাৰ বিৰুদ্ধে চলা অভিযানৰ নামত আৰক্ষীয়ে সংঘটিত কৰা গুলীচালনাৰ ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘‘এনকাউণ্টাৰ আমি কেতিয়াও সমৰ্থন নকৰো । এনকাউণ্টাৰৰ ক্ষেত্ৰত বিধানসভাৰ মজিয়াত চৰকাৰীভাৱে এনকাউণ্টাৰ কৰা নাই বুলি কোৱা হয় । প্ৰকৃতাৰ্থত সকলো অৰ্থত এনকাউণ্টাৰ বুলি কোৱা হয় যদিও মানৱাধিকাৰ আয়োগে অতিৰিক্ত ন্যায়িক হত্যাকাণ্ড বুলি কৈছে ৷ ’’

দেৱব্ৰত শইকীয়াই কয় যে এনকাউণ্টাৰৰ ক্ষেত্ৰত ন্যায়পালিকাই দণ্ড নিদিয়া পৰ্যন্ত কাৰো কোনোধৰণৰ শাস্তি হ'ব নোৱাৰে । আৰক্ষীৰ জিম্মাত হত্যা কৰা নাইবা গুলিওৱা ঘটনা মানৱাধিকাৰ উলংঘন আৰু অসমত এনে ঘটনা বহু হৈ থকাৰ বাবেই উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে ।

ৰাজ্যত সংঘটিত হৈ থকা মানৱ অধিকাৰৰ ঘটনাসমূহৰ ক্ষেত্ৰত অসম ৰাজ্যিক মানৱাধিকাৰ আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি চৰকাৰক জবাবদিহি কৰিব লাগে বুলি তেওঁ কয় ।

লগতে পঢ়ক: দিল্লীলৈ ৰাওনা হ’ল আলোচনাপন্থী আলফাৰ 16 জনীয়া দল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.