Vande Bharat Express: সোমবাৰৰ পৰা অসমত আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসেৱা

🎬 Watch Now: Feature Video

thumbnail

ৰঙিয়া, 29 মে’: সোমবাৰৰ পৰা অসমত আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসেৱা ৷ বহু অপেক্ষিত এই ৰে’লসেৱাৰ ভাৰ্চুৱেলী শুভাৰম্ভৰণী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিৰ মাজত আৰম্ভ হৈছে এই ৰে’লসেৱা (Assams first Vande Bharat Express train) ৷  

গুৱাহাটীৰ পৰা ৰঙিয়া ষ্টেচনত উপস্থিত হোৱা বন্দে ভাৰত এক্সপ্ৰেছক দুই সহস্ৰাধিক লোকে উষ্ম আদৰণি জনায় ৷ লগতে যাত্ৰী সকলক আদৰণি জনাবৰ বাবে এক সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় ৰঙিয়াত ৷ এই আদৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত এক সভাত স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই এই ৰে‘লসেৱাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে যাতায়তৰ ক্ষেত্ৰত এক উপহাৰ বুলি উল্লেখ কৰে (Vande Bharat Express train inaugurated) ৷  

উল্লেখ্য যে, গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলিব বন্দে ভাৰত এক্সপ্ৰেছ (Vande Bharat Express) ৷ বন্দে ভাৰত এক্সপ্ৰেছে হ্ৰাস কৰিব নিউ জলপাইগুৰি আৰু গুৱাহাটীৰ মাজত যাত্ৰাৰ সময় ৷ নিউ জলপাইগুৰি আৰু গুৱাহাটীৰ মাজত যাত্ৰা কৰিবলৈ বন্দে ভাৰত এক্সপ্ৰেছক লাগিব পাঁচ ঘণ্টা সময় (Vande Bharat Express train) ৷

লগতে পঢ়ক: Vande Bharat Express : গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি মাজত আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসেৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.