Dragon Fruits Farming : লমা-লমে লাগিছে ড্ৰেগন ফল; আব্দুল লতিফৰ মুখত সুখৰ হাঁহি - ক্যাকটাস প্ৰজাতিৰ ড্ৰেগন ফলৰ খেতি
🎬 Watch Now: Feature Video
দলগাঁও, 28 জুলাই : শাক পাচলিৰ লগতে বিভিন্ন ধৰণৰ ফলৰ খেতি কৰি ৰাজ্যৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰা খাৰুপেটীয়াত এইবাৰ দুই ভাতৃৰ কেকটাছ প্ৰজাতিৰ ড্ৰেগন ফলৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে কৃষি খণ্ডলৈ । খাৰুপেটীয়াৰ পৰা 5 কি:মি: দূৰত অৱস্থিত পশ্চিম কামাৰপাৰা গাঁৱৰ দুই ভাতৃ আব্দুল ওৱাহেদ আৰু আব্দুল লতিফৰ এনে ব্যতিক্ৰমী খেতিয়ে কঢ়িয়াই আনিছে আশাৰ বতৰা । আকৰ্ষিত কৰিছে বহুতকে ।
ইউটিউবৰ পৰা অনুপ্ৰাণিত হৈ ভাতৃদ্বয়ে নিজা ডেৰ বিঘা মাটিত আৰম্ভ কৰে ড্ৰেগন ফলৰ খেতি । সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ডেৰ বিঘা মাটিত পাঁচ লাখ টকা খৰচ কৰি ৰোপন কৰে 17 শ পুলি । বৰ্তমান ফলে-ফুলে ভৰি পৰিছে খেতি ডৰা । আব্দুল লতিফ নামৰ যুৱ কৃষকগৰাকীয়ে জনোৱা মতে, 20 বছৰ পৰ্যন্ত ফল দিয়া এনে খেতিত গছৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰতিজোপা গছত প্ৰয়োজন হয় পকী খুঁটাৰ । পকী খুটাৰে বগাই লহপহকৈ বাঢ়ি অহা পাতবিহীন লতাজাতীয় গছসমূহ ভৰি পৰিছে ফল-ফুলেৰে ।
সাধাৰণতে 1.5 পৰা 2.5 মিটাৰ পৰ্যন্ত দীঘল হোৱা বহুবর্ষজীৱি চিৰহৰিৎ কেকটাছ প্ৰজাতিৰ প্ৰতিটো গছত 40-50 টাকৈ ফল হয় । প্ৰতি কেজি ফল স্থানীয় বজাৰত বিক্ৰী হৈছে 150 পৰা 200 টকা । প্ৰথম অৱস্থাত ব্যয়বহুল হ'লেও বছৰ 9 মাহ ফল দিয়া ড্ৰেগন খেতিৰ পৰা বছৰি 4-5 লাখ টকা উপাৰ্জন হ’ব বুলি কয় খেতিয়কগৰাকীয়ে ।
চাকৰিৰ পিচে পিচে নুঘূৰি প্ৰচুৰ উপাৰ্জন থকা খেতি কৰি নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ নিবনুৱা যুৱক-যুৱতীক আহ্বান জনাই ভিতৰুৱা গাঁৱৰ কৃষক আব্দুল লতিফে ।
লগতে পঢ়ক : Farming in Assam : অসম অৰুণাচল সীমান্তত তৈল খেজুৰৰ খেতি