Send stray dogs to Assam: মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাদুক গ্ৰেপ্তাৰৰ দাবী তৃণমূল কংগ্ৰেছৰ - বিধায়ক বাচ্চু কাদুক গ্ৰেপ্তাৰৰ দাবী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 5, 2023, 9:34 PM IST

চিৰাং, 5 মাৰ্চ: মহাৰাষ্ট্ৰ বিধায়ক বাচ্চু কাদুৱে অসমৰ মানুহে কুকুৰ খায় বুলি কৰা অপমানসূচক মন্তব্যক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া আৰু বিতৰ্ক (Maharashtra MLA controversial remarks on Assam) ৷ মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছে ৷ বিধায়ক বাচ্চু কাদুক গ্ৰেপ্তাৰৰ দাবী চিৰাং জিলা তৃণমুল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেনৰ ৷  

চিৰাং জিলা তৃণমুল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেনে কয় যে- যি জন বিধায়কে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ পূৰ্বে অসমত বাহৰ পাতি থাকি অসমৰ কলা সংস্কৃতি প্ৰত্যক্ষ কৰিছিল সেইজন বিধায়কেই অসমৰ মানুহে কুকুৰ খায় বুলি মহাৰাষ্ট্ৰ বিধানসভাত ভুল তথ্য দাঙি ধৰিছে (Send stray dogs to Assam for consumption) ৷ সাহস থাকিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কজনক গ্ৰেপ্তাৰ কৰি দেখুৱাক বুলিও মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷ অসম চৰকাৰে সেইসকল বিধায়কক ৰাজ্য আতিথ্য দিয়া বুলিও অসম চৰকাৰক সমালোচনা অনিৰ্বাণ সেনৰ ৷

লগতে পঢ়ক: Send stray dogs to Assam: অসমৰ মানুহে কুকুৰ খায়, অসমত কুকুৰৰ চাহিদা আছে; মহাৰাষ্ট্ৰ বিধায়কৰ বিতৰ্কিত মন্তব্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.