Rangali Bihu preparation: পেঁপা-গগণা ইত্যাদি বাদ্যযন্ত্ৰ বনাই হেপাঁহৰ বিহুটিলৈ অপেক্ষা নৱজ্যোতিৰ

By

Published : Mar 28, 2023, 11:55 AM IST

thumbnail

টীয়ক, 28 মাৰ্চ : আকৌ আহিল হেঁপাহৰ ৰঙালী ৷ মন প্ৰাণ উতলা কৰি আকৌ পালেহি ব’হাগৰ বিহুটি ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া বিহুক আদৰাৰ প্ৰস্তুতি (Rangali Bihu preparation) ৷ ম'হৰ শিঙৰ পেঁপা বনোৱাত ব্যস্ত পেঁপোৱা ৷  নাচনীক কঁকাল ঘুৰাই নচোৱালৈ পেঁপোৱাই বনাইছে যুৰীয়া পেপা (Bihu instruments pepa gogona) । ঢুলীয়াৰ ঢোলৰ চাপৰত এইয়া বহাগৰ বতৰা । এইকেইদিন ব্যস্ততাৰ অন্ত নাই শিল্পীসকলৰ ।

এয়া টীয়কৰ মইনাপৰীয়া গাঁৱৰ জনপ্ৰিয় পেঁপোৱা নৱজ্যোতি বৰাৰ ঘৰৰ পৰিৱেশ । ইতিমধ্যে নৱজ্যোতিয়ে প্ৰায় চাৰি কুৰি যুৰীয়া আৰু গুটীয়া পেঁপা তৈয়াৰ কৰিছে বহাগৰ বিহুলৈ বুলি ‌। লগতে নাচনীৰ বাবে নিৰ্মাণ কৰিছে গগণা (Assam Teok man preparing Bihu instruments) ।

উল্লেখযোগ্য যে, ৰঙালী বিহুৰ অবিচ্ছেদ্য অংগ ম'হৰ শিঙৰ পেঁপা তৈয়াৰ কৰাত সম্প্ৰতি দেখা দিছে বহু সমস্যাই । মূলতঃ পাবলৈ নাইকিয়া হৈ আহিছে ম'হৰ শিং আৰু এনে অভাৱ দূৰ কৰিবলৈ বিকল্প হিচাপে এইগৰাকী শিল্পীয়ে বাহেৰেও নিৰ্মাণ কৰিছে পেঁপা  ৷

ইতিমধ্যে নৱজ্যোতিয়ে নিৰ্মাণ কৰা এটা ছফুটীয়া বাহৰ পেঁপাই লাভ কৰিছে বিশেষ সমাদৰ ৷ সৰুৰে পৰাই সকলো লোকবাদ্য তৈয়াৰ কৰি সমাদৃত হোৱা নৱজ্যোতি বৰাৰ অনুৰোধ- উঠি অহা প্ৰজন্মই ঘৰতেই লোকবাদ্য তৈয়াৰ কৰি বজাবলৈ চেষ্টা কৰক । নহলে এদিন এই সকলো হেৰাই যোৱাৰ উপক্ৰম ঘটিব । নৱজ্যোতিয়ে চৰকাৰী পৃষ্ঠপোষকতাত এইবাৰ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ অৰ্থে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া অতি আদৰণীয় বুলি অভিহিত কৰি উক্ত অনুষ্ঠানৰ বাবেও যথেষ্ট পেঁপা গগণাৰ চাহিদা এইবাৰ বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে (pepa gogona for Rangali Bihu) ।

লগতে পঢ়ক : Preparation for Rangali bihu: নাচনীৰ মন বলিয়া কৰিবলৈ বাইহাটাৰ জয়ন্তই এইবাৰো সাজিছে ম’হৰ শিঙৰ পেঁপা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.