নতুন দিল্লী : 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' বিধেয়ক পৰীক্ষা কৰিবলৈ যুটীয়া সংসদীয় সমিতিত লোকসভাৰ ২১ গৰাকী সদস্য থাকিব । ইয়াৰ ভিতৰত আছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু মনীষ তিৱাৰী, এনচিপিৰ সুপ্ৰিয়া চুলে, টিএমচিৰ কল্যাণ বেনাৰ্জী আৰু বিজেপিৰ পিপি চৌধুৰী, বনচুৰী স্বৰাজ আৰু অনুৰাগ সিং ঠাকুৰ আদি । আনহাতে, ৩১ জনীয়া সদস্যৰ পেনেলত থাকিব ৰাজ্যসভাৰ ১০ গৰাকী সদস্য ।
বৃহস্পতিবাৰৰ বাবে তালিকাভুক্ত লোকসভাৰ কাৰ্যসূচী অনুসৰি, আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰাৰ বাবে এক প্ৰস্তাৱ উত্থাপন কৰিব ।
কোন কোন আছে জেপিচিত
লোকসভাৰ সদস্যসকল হৈছে বিজেপিৰ পি পি চৌধুৰী, চি এম ৰমেশ, বানচুৰী স্বৰাজ, পৰশোত্তমভাই ৰূপালা, অনুৰাগ সিং ঠাকুৰ, বিষ্ণু দয়াল ৰাম, ভৰ্তুহৰি মাহতাব, সম্বিত পাত্ৰ, অনিল বালুনি, বিষ্ণু দত্ত শৰ্মা । ইয়াৰ উপৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা, মনীষ তিৱাৰী আৰু সুখদেও ভগত, সমাজবাদী পাৰ্টীৰ ধৰ্মেন্দ্ৰ যাদৱ, কল্যাণ বেনাৰ্জী, সুপ্ৰিয়া চুলে, দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমৰ টি এম চেলভাগান পতি বালাচাম, তেলুগু দেশম পাৰ্টীৰ জি এম হৰিশ বালযোগী, শিৱসেনাৰ শ্ৰীকান্ত একনাথ সিন্দে, ৰাষ্ট্ৰীয় লোক দলৰ চন্দন চৌহান আৰু জনসেনা পাৰ্টিৰ বালাশ্বৰী ভালভানেনি ।
এই সমিতিখনক সংসদৰ পৰৱৰ্তী অধিবেশনৰ অন্তিম সপ্তাহৰ প্ৰথমদিনা লোকসভাত প্ৰতিবেদন দাখিল কৰাৰ দায়িত্ব দিয়া হ'ব ।
'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' বিধেয়ক লোকসভাত উত্থাপনৰ বাবে মঙলবাৰে লোকসভাত সংবিধান সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয়শাসিত অঞ্চল চৰকাৰ আইন, ১৯৬৩, দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী চৰকাৰ আইন, ১৯৯১ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ সংশোধনৰ বাবে উত্থাপন কৰা হয় ।
মঙলবাৰে লোকসভাত উত্থাপন কৰা বিধেয়কখনত সমগ্ৰ ভাৰতৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে ।
আনহাতে, বিৰোধী সদস্যসকলে যুক্তি দিয়ে যে প্ৰস্তাৱিত এই পৰিৱৰ্তনে শাসকীয় দলটোক অসামঞ্জস্যপূৰ্ণভাৱে লাভান্বিত কৰিব পাৰে, ৰাজ্যসমূহত নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত অযথা প্ৰভাৱ পেলাব পাৰে আৰু আঞ্চলিক দলবোৰৰ স্বতন্ত্ৰতা হ্ৰাস কৰিব পাৰে ।
উল্লেখ্য যে যোৱা সপ্তাহত কেবিনেটে অনুমোদন জনোৱা এই বিধেয়কসমূহৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰা । বিধেয়কখন প্ৰৱৰ্তনৰ সময়ত 269 গৰাকী সদস্যই সপক্ষে ভোটদান কৰাৰ বিপৰীতে 196 গৰাকীয়ে ইয়াৰ বিৰুদ্ধে ভোট দিয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যেতিয়া 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' বিধেয়কখন অনুমোদনৰ বাবে কেবিনেটত গৃহীত কৰা হৈছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক বিতং আলোচনাৰ বাবে জেপিচিলৈ প্ৰেৰণ কৰাৰ বাবে জোৰ দিছিল ।