Assam Police BMI Test : মাজুলীৰ নৱ নিৰ্মিত পুলিচ ৰিজাৰ্ভত আৰক্ষীৰ বি এম আই টেষ্টিং

By

Published : Aug 16, 2023, 5:12 PM IST

thumbnail

মাজুলী, 16 আগষ্ট : আজিৰে পৰা আৰম্ভ হৈছে অসম আৰক্ষীৰ বি এম আই টেষ্টিং ৷ মাজুলীৰ নৱ নিৰ্মিত পুলিচ ৰিজাৰ্ভত কৰা হৈছে আৰক্ষীৰ বি এম আই টেষ্টিং ৷ জিলাখনৰ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসৰ নেতৃত্বত চলিছে এই পৰীক্ষা কাৰ্য ৷

অসম আৰক্ষীক সুস্থ আৰু সবল কৰি ৰখাৰ স্বাৰ্থত অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাবে আজিৰে পৰা আৰম্ভ হৈছে আৰক্ষীৰ বি এম আই টেষ্টিং ৷ সমগ্র ৰাজ্যৰ লগতে মাজুলীতো আৰক্ষী বিষয়া আৰু জোৱান সকলৰ মাজত হৈছে বি এম আই টেষ্টিং ৷  

কৰ্তব্যৰত আৰক্ষীৰ উচ্চতা, ওজন আদিকে ধৰি বিভিন্ন খতিয়ান সংগ্ৰহ কৰিছে আৰক্ষীয়ে ৷ মাজুলীৰ সৰ্ব মুঠ ৪১৭ জন আৰক্ষীৰ আজি অনুষ্ঠিত হৈছে বি এম আই টেষ্টিং ৷

লগতে পঢ়ক : DGP reaction on police personnel death : আৰক্ষী জোৱানৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া আৰক্ষী সঞ্চালক প্ৰধানৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.