Convocation of Assam Police : অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 3, 2023, 10:52 AM IST

কাৰ্বি আংলং, 3 মে’:  বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত অষ্টম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ চৌহদত অনুষ্ঠিত হয় অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহ । দীক্ষান্ত সমাৰোহত উপস্থিত থাকে অসম আৰক্ষীৰ কেইবাগৰাকীও আৰক্ষী বিষয়াৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা । 42 সপ্তাহজোৰা প্ৰশিক্ষণৰ অন্তত ৰাইজৰ সেৱাৰ বাবে সাজু হৈছে অসম আৰক্ষীৰ 117 নং গোটৰ 331 গৰাকী মহিলা আৰক্ষী, 1st APTF ৰ 178 গৰাকী, 20th AP(IR) 232 গৰাকী আৰু 26th AP(IR)BN ৰ 138 গৰাকীসহ সৰ্বমুঠ 879 সশস্ত্ৰ শাখাৰ কনিষ্টবল (Assam Police Convocation Ceremony)। 

দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে অসম আৰক্ষীৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে । ব্ৰিটিছৰ দিনত গঠন হোৱা অসম আৰক্ষীত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা বুলি কয় । অসম আৰক্ষীত এইবাৰৰ নিযুক্তি মেধাৰ ভিত্তিত সম্পন্ন হৈছে বুলি কয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (Minister Jayanta malla at Assam Police Convocation Ceremony) । 

সংবাদ মাধ্যমৰ আগত বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত বক্তব্য আগবঢ়াবলৈ গৈ মিত্ৰতাক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (Minister Jayanta malla slams Opposition) ।

লগতে পঢ়ক :  Sudan clash : কাইলৈৰ পৰা ছুডানত যুদ্ধ বিৰতি

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.