thumbnail

By

Published : Mar 20, 2023, 1:31 PM IST

ETV Bharat / Videos

Honesty of a E rickshaw driver: নগাঁৱৰ এজন ই ৰিক্সা চালকে দিলে সততাৰ পৰিচয়

নগাঁও, 20 মাৰ্চ : নগাঁৱত সততাৰ পৰিচয় দিলে এজন ই-ৰিক্সা চালকে । এজন হিন্দু ই ৰিক্সা চালকে ঘূৰাই দিলে এজন মুছলমান শিক্ষকৰ হেৰোৱা টকাৰ বেগ । সততাৰ লগতে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে এই ই ৰিক্সাৰ চালকজনে (Honesty of a E rickshaw driver) । ধনৰ লোভত যি সময়ত একাংশই বিভিন্ন অপৰাধজনিত কাৰ্যত লিপ্ত হৈছে তেনে সময়ত নগাঁৱৰ এজন ই-ৰিক্সা চালকে সততাৰ এক নিদৰ্শন হিচাপে চৰ্চালৈ আহিছে (humanity is still alive) । সততা-সম্প্ৰীতিৰ নিদৰ্শনেৰে নগাঁৱৰ সুশান্ত শ্বাহ প্ৰশংসিত হৈছে  ৷

শুকুৰবাৰে আব্দুল নুৰ নামৰ এগৰাকী ব্যক্তিয়ে বেংকৰ পৰা ধন উলিয়াই সুশান্তৰ ৰিক্সাত যাত্ৰা কৰিছিল । পিচে ভুলবশতঃ আব্দুল নুৰে টকাৰ বেগটো ই-ৰিক্সাতে এৰি থৈ গুচি যায় । ইয়াৰ পিচতে নিজৰ কষ্টৰ ধন আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ হেৰুৱাই চিন্তিত হৈ পৰে আব্দুল নুৰ । কিন্তু নিজৰ ৰিক্সাত টকা ভৰ্তি বেগ পাই শিক্ষকগৰাকীক সেই বেগ ঘূৰাই দিবলৈ ঠিৰাং কৰে সুশান্তই ।

সুশান্তই ই-ৰিক্সাৰ মালিক জান শইকীয়াক এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে । জান শইকীয়াই বেগত থকা পৰিচয় পত্ৰত আব্দুল নুৰৰ ঠিকনা লাভ কৰি তেওঁৰ ঘৰত উপস্থিত হৈ টকা ভৰ্তি বেগটো ঘূৰাই দিয়ে । হেৰোৱা ধন আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ ঘূৰাই পায় সুশান্ত আৰু জান শইকীয়াৰ প্ৰতি কৃতজ্ঞ হৈ পৰে আব্দুল নুৰ । 

আব্দুল নুৰৰ লগতে নগাঁৱৰ ৰাইজে সুশান্ত শ্বাহ আৰু জান শইকীয়াৰ সততাক প্ৰশংসাৰে ওপচাই পেলাইছে । ঠগ-প্ৰৱঞ্চনাই সমাজ জীৱনক কলুষিত কৰাৰ সময়তে সুশান্তৰ এই কাৰ্যই পুনৰ প্ৰমাণ কৰিলে যে সততা এতিয়াও আমাৰ সমাজত জীয়াই আছে (humanity is still alive in today’s world) ।

লগতে পঢ়ক : Protest at Barpetaroad: বিধ্বস্ত পথ মেৰামতিৰ দাবীত বৰপেটাৰোডত প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.