thumbnail

By

Published : Nov 16, 2022, 10:18 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

ETV Bharat / Videos

Naba Kumar Phukan to climb Aconcagua: নৱ ফুকনক মৰাণত ৰাজহুৱা সম্বৰ্ধনা

পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ(Mount Everest, the world's highest peak) কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা মৰাণৰ সমীপৰ চেপনৰ নৱ কুমাৰ ফুকন এইবাৰ পুনৰ আৰোহণ কৰিবলৈ আগবাঢ়িছে আৰ্জেণ্টিনাৰ মাউণ্ট একংকাগোৱালৈ(Aconcagua, the highest mountain in the Americas) । এই কণ্টকময় যাত্ৰাক সফলভাৱে পাৰ কৰাৰ কামনাৰে মঙলবাৰে মৰাণহাট পৰিদৰ্শন ভৱনত মৰাণহাট ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত এক অভিনন্দন ও শুভেচ্ছা অনুষ্ঠান অনুষ্ঠিত হয় । এই অভিনন্দন অনুষ্ঠানত মৰাণহাট ক্ৰীড়া সন্থাৰ সভাপতি তথা মন্ত্ৰী যোগেন মহনৰ লগতে মৰাণৰ বিভিন্ন দল-সংগঠন, সামাজিক অনুষ্ঠানৰ বিষয়ববীয়াই গামোচা পিন্ধাই অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰে নৱ কুমাৰ ফুকনক ৷ অনুষ্ঠানটোত নৱ ফুকনৰ যাত্ৰাৰ ফ্লেগঅফ কৰে মন্ত্ৰী যোগেন মহনে । নৱ ফুকনৰ পৰ্বত আৰোহণৰ যাত্ৰা আৰম্ভ হ'ব ২৩ নৱেম্বৰৰ পৰা(Assam mountaineer Naba Kumar Phukan) ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.