Govt Announcement of grants:১০০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ অনুদান ঘোষণাত আনন্দৰ লহৰ - Govt Announcement of grants

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 16, 2023, 11:00 PM IST

কলিয়াবৰ, ১৬ মাৰ্চ: অসম বিধান সভাৰ ২০২৩–২০২৪ চনৰ বাজেট অধিৱেশনত বাৰ্ষিক বাজেটত অসমৰ ১০০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ ১৫ লাখ টকাৰ অনুদান ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে (Announced for 100 year old religious Place)। ১০০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ অসম বিধান সভাত বৃহস্পতিবাৰে ১৫ লাখ টকাকৈ অনুদান আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতেই কলিয়াবৰৰ ঐতিহাসিক মন্দিৰ,মছজিদ কৰ্তৃপক্ষই ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে । এই লৈ কলিয়াবৰৰ ইতিহাস প্ৰসিদ্ধ ভড়ালী নামঘৰ, সৌভাগ্য মাধৱ দেৱালয়কে ধৰি জয়ন্তীপুৰৰ বৰ মছজিদ কৰ্তৃপক্ষৰ মাজত আনন্দৰ লহৰ উঠিছে (Budget Session of Assam Legislative Assembly) ।

উল্লেখ্য় যে প্ৰতিদিনে শতাধিক ভক্তৰ সমাগম হোৱা ভড়ালী নামঘৰ প্ৰতিষ্ঠা হৈছিল ১৫৯৪ শকত (Bharali Namagh in Kaliabor)। আনহাতে,দৌল উৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৪৪৬ শকত আহোম স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্ব কালত প্ৰতিষ্ঠা হৈছিল সৌভাগ্য মাধৱ দেৱালয় (Govt Announcement of grants)। ৬৫০ বছৰৰো অধিক পুৰণি ১৫৭০ চনত স্থাপিত জয়ন্তীপুৰৰ বৰ মছজিদে ৰিঙিয়াই আহোম ৰাজত্বৰ সোণসেৰীয়া সময় (Bor Masjid of Jayantipur)। 

লগতে পঢ়ক:Google Meet New Feature: এতিয়াৰে পৰা গুগল মিট ব্যৱহাৰকাৰীয়ে এই নতুন বৈশিষ্টৰ দ্বাৰা সলনি কৰিব পাৰিব বেকগ্ৰাউণ্ড ইমেজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.