Raas festival in Majuli: বেঙেনাআটী সত্ৰৰ ৰাস উপভোগ মুখ্যমন্ত্ৰীৰ - ঐতিহাসিক বেঙেনাআটী সত্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 8, 2022, 10:40 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

সোমবাৰৰ পৰা আৰম্ভ হৈছে মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ (Raas festival in Majuli)। আজি এই ৰাস মহোৎসৱৰ দ্বিতীয় দিন । মাজুলীৰ ৰাস মহোৎসৱ ভাগি চাবলৈ দেশী বিদেশী পৰ্যটকে আহি ভীৰ কৰিছেহি (Foreigners visit Majuli in Rass) । মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ ভাগি চাবৰ বাবে মাজুলীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma in Majuli)। মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমে নতুন চামগুৰি সত্ৰত উপস্থিত হয় আৰু তাত ৰাসৰ কেইবাটাও দৃশ্য দৰ্শন কৰে ৷ তাৰ পাছত মুখ্যমন্ত্ৰী গৰাকী ভোগপুৰ সত্ৰত উপস্থিত হয় । ইয়াৰ পাছত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হয় বেঙেনাআটী সত্ৰত । এইয়া মাজুলীৰ ঐতিহাসিক বেঙেনাআটী সত্ৰৰ দৃশ্য । মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতো ৰাসৰ দুটা মান দৃশ্য উপভোগ কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে মাজুলী আৰু নিমাতীৰ মাজৰ দলং আৰু মেডিকেলৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.