দুই বৰাৰ নেতৃত্বত মিত্ৰজোঁট বেছি দিন নিটিকে: ভৱেশ কলিতা - BJP victory celebration
🎬 Watch Now: Feature Video
Published : Dec 4, 2023, 7:25 PM IST
মৰাণ, 4 ডিচেম্বৰ: 2024 ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পাঁচ ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ লগতে বিৰোধী ৰাজনৈতিক দল সমূহে বিজেপিৰ ওচৰত নিজৰ অস্তিত্ব প্ৰায় হেৰুৱাই পেলাইছে । ছত্তীশগড়, ৰাজস্থান, তেলেংগানা, মিজোৰাম আৰু মধ্যপ্ৰদেশৰ ভিতৰত কেৱল তেলেংগানাতহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে । কংগ্ৰেছক পৰাভূত কৰা এই সফলতাৰ পাছতে দেশজুৰি অনুষ্ঠিত হৈছে বিজেপিৰ বিজয়ৰ উৎসৱ । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ চাবুৱাত উপস্থিত হৈ কংগ্ৰেছক তীব্ৰ সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ।
তেলেংগানাত অনাগত সময়ত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ বিজেপিৰ সভাপতিগৰাকীৰ । তেওঁ কয়, ‘‘ভূপেন বৰাক অসমৰ জনগণে বিশ্বাস আৰু আস্থাত নলয় ৷ দেশৰ স্বাধীনতাৰ পিছতে সুদীৰ্ঘকাল শাসনত থকা দলটোক নেতৃত্ব দিয়া নেতাসকলে দেশখনক ধৰ্মৰ নামত ৰাজনীতি কৰি ভাগ ভাগ কৰিলে । অসমত এতিয়া ভূপেন বৰা আৰু ৰিপুণ বৰা লগ লাগিছে, এওঁলোকৰ নেতৃত্বত মিত্ৰজোঁট বেছি দিন নিটিকে ।’’
লগতে পঢ়ক: ৩ ৰাজ্যত নিৰ্বাচনত পৰাজয়ৰ বিশ্লেষণ কংগ্ৰেছৰ; ভোটৰ শতাংশ বিজেপিতকৈ বেছি কম নহয়