One Nation One Election: এক দেশ এক নিৰ্বাচন সিদ্ধান্তক আদৰণি বিজেপি বিধায়ক দিগন্ত কলিতাৰ - হিমন্ত বিশ্ব শৰ্মা
🎬 Watch Now: Feature Video
Published : Sep 1, 2023, 8:13 PM IST
তিনিচুকীয়া, ১ ছেপ্টেম্বৰ: এক দেশ এক নিৰ্বাচন (One Nation One Election) হোৱাৰ দিশে আগবাঢ়িছে দেশ ৷ ইয়াৰ বাবে ১৮ ছেপ্টেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব ।
বিৰোধীৰ মতে বিজেপিয়ে ভয় খাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই সন্দৰ্ভত শাসকীয় দলৰ কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ এই সিদ্ধান্তক আদৰণি জনাইছে । লগতে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক এয়া কাৰ্যকৰী কৰাৰ বাবে কমিটিক নিযুক্তি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ সমান্তৰালভাৱে ‘এক দেশ এক নিৰ্বাচন’ৰ জৰিয়তে দেশৰ বহু টকা ৰাহি হোৱাৰ লগতে সময় আৰু কষ্টও লাঘৱ হ’ব বুলি মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই ৷
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এই সন্দৰ্ভত শুকুৰবাৰে নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘এক দেশ এক নিৰ্বাচন’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপ বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক: CM Himanta Biswa Sarma: ‘এক দেশ এক নিৰ্বাচন’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বলিষ্ঠ পদক্ষেপ