Assam Assembly audit team At Diphu: কাৰ্বি আংলঙৰ উন্নয়নক লৈ সন্তুষ্ট নহয় অসম বিধানসভাৰ হিচাপ পৰীক্ষকৰ দল - অধ্যক্ষ ৱাজেদ আলী চৌধুৰী
🎬 Watch Now: Feature Video
ডিফু, ৬ মে’ : শুকুৰবাৰৰ পৰা ডিফু আৰ্বত ভৱনত বাহৰ পাতি আছে অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষক সমিতি ৷ বিভিন্ন চৰকাৰী বিভাগৰ কাম কাজৰ খতিয়ান লৈছে বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বাধীন দলটোৱে ( Assam Assembly audit team At Diphu) ৷ ইয়াৰ পিচতে আজি সমিতিৰ অধ্যক্ষ ৱাজেদ আলী চৌধুৰীয়ে কয় যে পাহাৰীয়া জিলাখনত হোৱা সকলো কামক লৈ আমি সন্তুষ্ট নহয় ৷ ডিফুৰ প্ৰধান ডাকঘৰৰ পৰা মাতিপুঙলৈ থকা আৰু বিৰলাৰ পৰা ৰংপ্লিমপ্লামলৈ পথ দুটাৰ নিৰ্মাণ ভাল হৈছে কিন্তু বহু বেছি ধন ব্যায় কৰাৰ বাবে অধিক তথ্য লৈ বিভাগীয় বিষয়াক তলব কৰা হৈছে (MLA Wazed Ali Choudhury) ৷
অধ্যক্ষ আলীক সাংবাদিকে গ্ৰামোন্নয়ন বিভাগৰ এখন পকী দেৱাল নিৰ্মাণৰ নামত এচপৰা ইটাও নপৰা আৰু ২০০ টা কুঁৱাৰ ঠাইত বিশটা কুঁৱা নিৰ্মাণ কৰিয়ে দুয়োখন আঁচনিৰ ধন উঠাই নিয়াৰ প্ৰসংগ উত্থাপন কৰে যদিও তেওঁ এই বিষয়ে অজ্ঞতা প্ৰকাশ কৰে (Karbi Anglong development)৷ ইয়াৰোপৰি অধ্যক্ষ চৌধুৰীয়ে কাৰ্বি আংলং জিলাৰ উপায়ুক্তগৰাকীক প্ৰশংসাৰে উপচাই পেলায় ৷