thumbnail

By

Published : Jun 24, 2023, 8:03 PM IST

ETV Bharat / Videos

Effigy Burn at Makum: আদিত্য খাকলাৰীক গ্ৰেপ্তাৰ দাবীৰে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

তিনিচুকীয়া, 24 জুন: জনজাতিকৰণৰ সন্দৰ্ভত ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীয়ে কৰা বিৰূপ মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীয়ে বিশেষকৈ আদিবাসী জনগোষ্ঠীটোৰ জনজাতিকৰণৰ সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ বাবে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতিয়ে ৷ তিনিচুকীয়া জিলাৰ মাকুম বেতজান চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখত বাগিচা খনৰ একাংশ শ্ৰমিকৰ সহযোগিতাত ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

‘আদিত্য খাকলাৰী হয় কোন ! তেওঁ আমাক পৰিচয় দিবলৈ কোন ! চৰকাৰে যদিহে আদিত্য খাকলাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰে, চৰকাৰে যদি আদিবাসী জনগোষ্ঠীটোক জনজাতীকৰণৰ মৰ্যদা প্ৰদান নকৰে তেন্তে আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজেপি হাটাও অভিযান চলাব বুলি সংবাদমাধ্যৰ আগত হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

 লগতে পঢ়ক:Joha rice: দুবিধ ৰোগৰ প্ৰতিষেধক হিচাবে বিবেচিত হৈছে অসমৰ জহা চাউল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.