Ashok Singhal visits Jorhat: পুনৰ নিৰ্মাণ হোৱাৰ দিশে যোৰহাটৰ চক বজাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 3, 2023, 9:12 PM IST

যোৰহাট, 3 মাৰ্চ: যোৰহাটত উপস্থিত নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহল ৷ যোৰহাটত উপস্থিত হৈ চক বজাৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী সিংহলে (Chowk Bazaar in Jorhat) ৷  নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু জলসিঞ্চন বিভাগৰ বিভাগীয় বিষয়া সকলৰ লগত আজি অৰ্থাৎ শুকুৰবাৰে আলোচনাত মিলিত হয় মন্ত্ৰী সিংহল ।

চক বজাৰৰ ব্যৱসায়ী সকলক কেনেদৰে বৰ্তমান পুনৰ সংস্থাপন দিব পাৰি তাক লৈয়ো আলোচনাত মিলিত হয় মন্ত্ৰীজন (Ashok Singhal on rebuilt of Chowk Bazaar) । অতি শীঘ্ৰেই চক বজাৰৰ ব্যৱসায়ী সকলক ব্যৱসায়ৰ উপযোগীকৈ পুনৰ সংস্থাপনৰ বাবে অস্থায়ীভাৱে কোনো এক স্থান দিয়াৰ কথা ঘোষণা কৰে তেওঁ ।

চক বজাৰৰ ব্যৱসায়ীসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰটো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে অশোক সিংহলে । শুকুৰবাৰে যোৰহাটৰ আৱৰ্ত ভৱনত হোৱা আলোচনা চক্ৰত ব্ৰহ্মপুত্ৰৰ পৰা নগৰলৈ পানী যোগান আঁচনিৰ  ওপৰতো এক বিশেষ আলোচনা হয় । মন্ত্ৰী জনৰ লগত উপস্থিত থাকে লোকসভা সাংসদ তপন গগৈ, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুর্মী, ভাস্কৰ বৰুৱাৰ লগতে যোৰহাট জিলা পৰিষদৰ বিষয়া আৰু বিভাগীয় কৰ্মী সকল ।

উল্লেখযোগ্য যে, ভয়াৱহ অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে বিধস্ত হোৱা চক বজাৰ পুনৰ নিৰ্মাণক লৈ কি ব্যৱস্থা গ্ৰহণ কৰাৰ উচিত সেই সন্দৰ্ভত আলোচনা চলি আছে (rebuilt of Chowk Bazaar) যদিও এতিয়ালকৈ সমাধান সূত্ৰ উলিয়াব পৰা হোৱা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত আজি যোৰহাটত মন্ত্ৰী অশোক সিংহল উপস্থিত হৈ চক বজাৰ পুনৰ নিৰ্মাণক লৈ ব্যৱসায়ী আৰু বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় । শীঘ্ৰেই চক বজাৰ পুন নিৰ্মাণ কৰাৰ ওপৰত অধিক গুৰত্ব দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰী সিংহলে ।

লগতে পঢ়ক : Road accident in Dhubri: দুৰ্ঘটনাত পতিত বৰযাত্ৰীৰ বাহন; সংকটজনক অৱস্থাত দৰা-কইনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.