ETV Bharat / state

বন্যহস্তীয়ে এতিয়া আৰু আগৰ দৰে মানুহক ভয় নকৰা হৈছে - INJURED ELEPHANT ROAMING

একাংশ উদণ্ড যুৱকৰ অতপালিৰ বাবেও হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে ।

Man Elephant conflict
হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 3:28 PM IST

গোলাঘাট: গোলাঘাট জিলাৰ মৰঙি মৌজাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ইয়াৰ মাজতে দেখা গ'ল এক বিপৰীত দৃশ্য । মৰঙীৰ উদয়ন চাহ বাগিচাত বিচৰণ কৰা এটা বৃহৎ বন্যহস্তীৰ জাকৰ মাজত থকা এটা হাতী ৰক্তাক্ত অৱস্থাত বিচৰণ কৰি আছে ।

বৃহত্তৰ মৰঙী মৌজাৰ বিভিন্ন অঞ্চলত একাংশ উদণ্ড যুৱকৰ অতপালিৰ বাবে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ।

বন্যহস্তীয়ে এতিয়া আৰু আগৰ দৰে মানুহক ভয় নকৰা হৈছে (ETV Bharat Assam)

এই হাতীৰ জাকটোৱে দিনৰ ভাগত চাহ বাগিচাসমূহত আশ্ৰয় লয় যদিও নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্য়হস্তীৰ ওপৰত উপদ্ৰৱ চলাই একাংশ যুৱকে । ফলত বিভিন্ন সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বন্যহস্তী । ইতিমধ্যে বন বিভাগৰ লোকে আঘাতপ্ৰাপ্ত বন্যহস্তীটোক চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কি কাৰণত এই হাতীটো আঘাতপ্ৰাপ্ত হৈছে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে, এই সমগ্ৰ ঘটনাটোৰ বিষয়ে স্থানীয় এজন সচেতন যুৱকে কয় যে প্ৰায় এমাহ ধৰি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে উক্ত অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱৰ বাতৰি প্ৰকাশ পাই আহিছে । নিশাৰ ভাগত কৃষি পথাৰত ধান খাই তহিলং কৰাৰ পাছত দিনৰ ভাগত চাহ বাগিচাত জিৰণি লয় । সেই সময়ত কিছুমান লোকে বন্যহস্তীৰ জাকৰ ওপৰত অত্যাচাৰ চলোৱাৰ ফলত হতীয়ে উগ্ৰৰূপ ধাৰণ কৰে ।

তেওঁ পুনৰ কয়," পূৰ্বৰ তুলনাত বৰ্তমান বন্যহস্তীয়ে মানুহক ভয় নকৰা হৈছে । পূৰ্বতে জুই দেখিলে হাতী আঁতৰি গৈছিল,কিন্তু বৰ্তমান নোযোৱা হ'ল । ফলত ব‌ৰ্তমান পৰিস্থিতিয়ে এক ভয়ংকৰ দিশে গতি কৰিছে । ইয়াৰ উপৰি সৰু সৰু ল'ৰা-ছোৱালীয়ে দিনটো বাগিচা অঞ্চলত অৱস্থান কৰা বন্যহস্তীৰ জাকৰ লগত বিভিন্ন ধৰণে ল'ৰা ধেমালি কৰি থাকে । গতিকে এইসকল ল'ৰা -ছোৱালীক পিতৃ-মাতৃসকলে যাতে এই কামৰ পৰা আঁতৰাই ৰাখে তাৰ আহ্বান জনালো । একাংশ বহিৰাগত লোকে আহি এই হাতী জাকৰ লগত কৰা অত্যাচাৰ বন্ধ কৰিব লাগে । কিয়নো স্থানীয় লোকে নিজৰ খেতিপথাৰ ৰক্ষা কৰিবলৈ ওৰে নিশা উজাগৰে থাকি দিনত শুব লাগে ।"

লগতে পঢ়ক:তিৰুচেন্দুৰত মন্দিৰৰ হাতীয়ে দুজন লোকক পদপিষ্ট কৰি হত্যা কৰাৰ পিছত মন্দিৰৰ হাতীৰ সুৰক্ষা আৰু জীৱনধাৰণ পৰিস্থিতিৰ পুনৰীক্ষণৰ দাবী উঠিছে ।

সন্তানক হেৰুৱাই ওৰে নিশা বুকু ভঙা চিঞৰ এগৰাকী মাতৃৰ...আপোনাৰো ওলাব চকুলো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.