ETV Bharat / state

ৰাজকাৰেং সংৰক্ষণৰ দাবীত যোৰহাটত প্ৰতিবাদ

আহোমৰ শেষ ৰাজধানী যোৰহাটৰ ৰাজকাৰেঙৰ ভূমি সংৰক্ষণৰ দাবীত টাই আহোম সংগঠনৰ প্ৰতিবাদ ।

Ahom Kingdom
ৰাজকাৰেং সুৰক্ষাৰ দাবীত যোৰহাটত প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

যোৰহাট : আহোম ৰাজত্বৰ শেষ ৰাজধানী আছিল যোৰহাট । এই যোৰহাট চহৰৰ মাজমজিয়াতে আছে আহোম ৰাজত্বৰ শেষ ৰাজধানীৰ স্মৃতিস্বৰূপ ৰাজকাৰেং আৰু আহোমৰ ঐতিহাসিক কীৰ্তি চিহ্ন ।

অসাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি

ৰাজকাৰেং সুৰক্ষাৰ দাবীত যোৰহাটত প্ৰতিবাদ (ETV Bharat)

খোদ অসমৰ মুখ্যমন্ত্ৰীয়ে এই ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নহ'ল । বিশেষকৈ যোৰহাটৰ আহোম ৰাজত্বৰ অন্তিম ৰাজকাৰেঙৰ ভূমি সংৰক্ষণ কৰি এক ঐতিহাসিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বছৰৰ ১৩ অক্টোবৰত ঘোষণা কৰিছিল আৰু প্ৰায় ১২ বিঘা ভূমিত ৰাজকাৰেঙৰ স্মৃতি সৌধ আদি নিৰ্মাণৰ কথা কৈছিল । কিন্তু সেই প্ৰতিশ্ৰুতিক আওকাণ কৰি উক্ত স্থানতে ৰাজকাৰেঙৰ সলনি স্বাস্থ্য বিভাগৰ অন্য এক পৃথক প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে চৰকাৰ তৎপৰ হৈছে । যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল টাই-আহোম সংগঠনসমূহ । চৰকাৰৰ বিৰুদ্ধে বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং আৰু ঐতিহাসিক কীৰ্তিচিহ্ন উদ্ধাৰ সমিতিৰ লগতে আটাছুৱে । চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনৰ নেতাসকলে কয় যে তাত কোনো চৰকাৰী প্ৰকল্প বা অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠান হ'বলৈ দিয়া নহ'ব ।

ৰাজকাৰেং নিৰ্মাণৰ দাবী

ৰাজকাৰেং নিৰ্মাণৰ বাবে বিগত বছৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে ৰূপায়ণৰ দাবী জনালে সংগঠনসমূহে । অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলিও প্ৰতিবাদকাৰীয়ে হুংকাৰ দিয়ে ।

টাই-আহোম সংগঠনসমূহৰ মতে জিলা আয়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালকেও তাত কি প্ৰকল্পৰ কাম চলিছে সেয়া নাজানে ! ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং আৰু ঐতিহাসিক কীৰ্তিচিহ্ন উদ্ধাৰ সমিতিৰ সদস্যসকলে চৰকাৰ বিৰোধী শ্ল'গান দিয়াৰ লগতে শেষ ৰাজধানীৰ ৰাজকাৰেঙস্থিত যোৰহাটৰ মাজমজিয়াৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে মুখ্যমন্ত্ৰীয়ে ৰাজকাৰেঙ সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তাত কেনেদৰে নিৰ্মাণকাৰ্য চলিছে তাক লৈও ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : বহিঃৰাজ্যলৈ বাঁহ সৰবৰাহে উদ্বিগ্নতা বঢ়াইছে প্ৰকৃতিপ্ৰেমীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.