স্প’ৰ্টছ ডেস্ক: পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ বৃহৎ ঘোষণা ৷ পিচিবিয়ে পাকিস্তান ক্ৰিকেট দলটোৰ অন্তৱৰ্তীকালীন বগা বলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিষুক্তি দিছে আকিব জাভেদক ৷
আকিব জাভেদক নিযুক্তি দিয়া হৈছে পাকিস্তানৰ মুখ্য প্ৰশিক্ষক হিচাপে
পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পি চি বি) আই চি চি চেম্পিয়নছ ট্ৰফী 2025 লৈকে পাকিস্তান পুৰুষ ক্ৰিকেট দলটোৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে আকিব জাভেদক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে । জাভেদ পাকিস্তানৰ এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ।
Pakistan confirm new interim white-ball head coach for men’s team 🇵🇰
— ICC (@ICC) November 18, 2024
Details 👇https://t.co/iw4Egg2B1o
জাভেদে জেচন গিলেস্পীৰ স্থানত দলটোৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে । গিলেস্পীয়ে বৰ্তমান অষ্ট্ৰেলিয়াত দলটোৰ তত্বাৱধান কৰি আছে । গেৰী কাৰ্ষ্টেনৰ পদত্যাগৰ পিছত গিলেস্পীয়ে এই দায়িত্ব পালন কৰিছিল ।
আকিবে ল’ব গিলেস্পিৰ স্থান
গিলেস্পীয়েও পদত্যাগ কৰাৰ পিছত সেই স্থানত নিযুক্তি দিয়া হৈছে আকিব জাভেদক ৷ জাভেদে চেম্পিয়নছ ট্ৰফী 2025 লৈকে এই পদত বাহাল থাকিব । অৱশ্যে গিলেস্পী এতিয়াৰে পৰা মাথো ৰঙা বল দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্বত থাকিব ৷ তেওঁ আগন্তুক দক্ষিণ আফ্ৰিকাৰ টেষ্ট ভ্ৰমণৰ বাবে দলৰ সৈতে উপস্থিত থাকিব ।
চেম্পিয়নছ ট্ৰফী 2025 লৈকে অব্যাহত থাকিব কাৰ্যকাল
আকিবে পুৰুষৰ ৰাষ্ট্ৰীয় বাছনি সমিতিৰ জ্যেষ্ঠ সদস্য হিচাপে কাম কৰি যাব আৰু আঠটা দলৰ প্ৰতিযোগিতাৰ সমাপ্তিৰ পিছত তেওঁক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হ'ব । ইয়াৰ মাজতে এয়া স্পষ্ট হৈ পৰিছে যে এতিয়ালৈকে আকিবক চেম্পিয়নছ ট্ৰফী 2025 ৰ দায়িত্ব দিয়া হৈছে ।
Aqib Javed confirmed interim white-ball head coach
— PCB Media (@TheRealPCBMedia) November 18, 2024
Details here ⤵️ https://t.co/lNkZ7QRW4z
পৰৱৰ্তী সময়ত আকিবৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ পৰৱৰ্তী কাৰ্যকালৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব । পাকিস্তানে শেহতীয়াকৈ বাবৰ আজমৰ ঠাইত মহম্মদ ৰিজৱানক বগা বলৰ অধিনায়ক হিচাপে নিযুক্তি দিছিল ৷
পূৰ্বে দক্ষিণ আফ্ৰিকাৰ প্ৰশিক্ষক গেৰী কাৰ্ষ্টেন পাকিস্তানৰ মুখ্য প্ৰশিক্ষক আছিল । অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে কাৰ্ষ্টেনে নিজৰ পদৰ পৰা পদত্যাগ কৰিছিল । ইয়াৰ পিছত গিলেস্পীক বগা বলৰ দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল ৷ সম্প্ৰতি তেওঁকো অব্যাহতি দিয়া হৈছে ।
লগতে পঢ়ক: ক্ৰিকেটাৰক থাকিবলৈ দিয়া হোটেলত অগ্নিকাণ্ড; বৃহৎ প্ৰতিযোগিতা বাতিল