ARSU protest in Boko: ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে কেইহাটাও সংগঠনৰ প্ৰতিবাদ - নিখিল ৰাভা ছাত্ৰ সন্থা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 29, 2023, 8:37 PM IST

বকো, 29 মাৰ্চ: ৰাভাসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে বকোত নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌ ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ বিশাল প্ৰতিবাদী পদযাত্ৰা (ARSU protest in Boko) ৷ বকোৰ পৰা ধুপধৰালৈ 28 কিলোমিটাৰ পদযাত্ৰা উলিয়ায় সংগঠনকেইটাই ৷  

ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, ৰাভা চুক্তি অনুসৰি ক্ষমতা আৰু কাৰ্য হস্তান্তৰ কৰা, হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাৰ বাবে উন্নয়ন পৰিষদৰ অনুমোদন দিয়া আদিৰ দাবীৰে প্ৰতিবাদী পদযাত্ৰা উলিয়াই সংগঠনকেইটাই (Rabha Hasong Autonomous Council) ৷ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে এই পদযাত্ৰাত ৷  

বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ যিকোনো পৰিস্থিতিত হ’লেও ষষ্ঠ অনুসূচী লাগিবই বুলি দাবী সংগঠনেইটাৰ ৷ 

লগতে পঢ়ক: Teachers protest at Guwahati : পদ প্ৰাদেশিকীকৰণৰ দাবীত পুনৰ ৰাজপথত শিক্ষক সমাজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.