ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে প্ৰস্তুতি তুংগত প্ৰদেশ কংগ্ৰেছৰ - প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-01-2024/640-480-20501828-thumbnail-16x9-sivasagar-news.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 13, 2024, 8:02 PM IST
আমগুৰি, 13 জানুৱাৰী : এফালে 11 বছৰীয়া সম্পৰ্ক চেদ কৰি শনিবাৰে কংগ্ৰেছৰ পৰা বিদায় ল'লে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ আনফালে বহু প্ৰত্যাহ্বান নেওচি ৰাহুল গান্ধীৰ নেতৃত্বত অসমত হ’ব লগা ভাৰত জোড়ো ন্যায় যাত্ৰা সফল কৰি তোলাৰ বাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ প্ৰস্তুতি তুংগত কৰি তুলিছে প্ৰদেশ কংগ্ৰেছে ৷
ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে বৰ্তমান শিৱসাগৰত কি পৰ্যায়ত প্ৰস্তুতি চলিছে, যাত্ৰাৰ সময়ত দলীয় কৰ্মীৰ কৰণীয় বিষয়ৰ সন্দৰ্ভত আলোচনাৰ বাবে শনিবাৰে আমগুৰিৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এক দলীয় সভা ৷ উক্ত সভাত উপস্থিত থাকি দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই ৷
18 জানুৱাৰীৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনাই বৰাই ৷ হালোৱাটিঙৰ পৰা প্ৰায় 13 কিঃমি যাত্ৰাৰ সময়ত 10 হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছে কংগ্ৰেছ নেতা গৰাকীয়ে ৷
লগতে পঢ়ক : চাৰিলেনযুক্ত পথ নিৰ্মাণত লেহেমীয়া গতিৰ বিৰুদ্ধে প্ৰতিবাদ