Gramya Jeuti Awards 2023 : লখিমপুৰৰ আৰক্ষী কৰ্মী বসন্ত শইকীয়াক গ্ৰাম্য জেউতি বঁটা প্ৰদান - সৎ আৰক্ষীৰ বাবে উজ্জ্বলি আছে আৰক্ষী বিভাগ
🎬 Watch Now: Feature Video
লখিমপুৰ, ২৪ জুন : বহু বিষয়া, কনিষ্টবলৰ বাবে বদনামী হ’লেও একাংশ সৎ আৰক্ষীৰ বাবে উজ্জ্বলি আছে আৰক্ষী বিভাগ । যিসকল আৰক্ষী কৰ্মী বা আৰক্ষী বিষয়াৰ কাম-কাজে জনমানসত সাঁচ বহুৱায় । যাৰ বাবে জনসাধাৰণে তেওঁলোকক স্বীকৃতি দিয়ে । এনে এগৰাকী আৰক্ষী কৰ্মী হ’ল বসন্ত শইকীয়া ৷ বসন্ত শইকীয়া হৈছে লখিমপুৰ সদৰ থানাৰ যান বাহন শাখাৰ আৰক্ষী কৰ্মী ৷
দক্ষতাৰে বিভাগীয় কাম-কাজ সূচাৰুৰূপে পালন কৰাৰ উপৰি তেওঁ বিভিন্ন সংস্থা বা সংগঠনৰ সৈতে জড়িত হৈ সমাজসেৱাতো ব্ৰতী হৈ আছে । সমৰ কলাৰ ব্লেক বেল্টধাৰী, অতি অমায়িক বসন্ত শইকীয়াৰ কাম-কাজে বিভিন্ন সংগঠনক অনুপ্ৰাণিত কৰি আহিছে ।
যাৰ বাবে তেওঁক শনিবাৰে কৰ্মস্থলীতে লখিমপুৰ জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰদান কৰে গ্ৰাম্য জেউতি বঁটা ২০২৩ ৷ ইফালে এই বঁটা লাভ কৰি অতি আনন্দিত হৈ পৰিছে যান বাহন শাখাৰ আৰক্ষী কৰ্মী বসন্ত শইকীয়া ৷
লগতে পঢ়ক : Constituency Delimitation 2023: সুৰাৰ বিপনীয়ে অসমীয়াক সুৰক্ষিত কৰিব নেকি প্ৰশ্ন ভূপেন বৰাৰ