Anti liquor operation: ধনশিৰি মহকুমাৰ নাওজানত 900 লিটাৰ চুলাই নষ্ট আৰক্ষীৰ - সুৰা বিৰোধী অভিযান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-09-2023/640-480-19501279-thumbnail-16x9-s.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 13, 2023, 4:45 PM IST
সৰুপথাৰ, 13 ছেপ্টেম্বৰ : ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইয়াৰ মাজতে গোলাঘাট জিলাৰ নাওজানত সুৰা বিৰোধী অভিযান চলায় নাওজান আৰক্ষীয়ে ৷ নাওজান আৰক্ষী চকীৰ উপ-পৰিদৰ্শক মনোজ হাতীমূৰীয়াৰ নেতৃত্বত এটা দলে জোনাকী পথাৰৰত অভিযান চলাই প্ৰায় 900 লিটাৰ চুলাই নষ্ট কৰে ৷ মহকুমাটোত আৱকাৰী বিভাগৰ চকুত নপৰাকৈয়ে বিভিন্ন অঞ্চলত একাংশ লোকে চুলাইৰ অবৈধ বেহা চলাই আহিছিল ৷ ফলত আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্য অনুসৰি এই ঘাটিসমূহ উচ্ছেদ কৰিবলৈ উঠি পৰি অভিযান চলাইছে ৷ আনহাতে
বিগত দিনসমূহত চুলাই মদৰ বাবেই মহকুমাটোৰ বিভিন্ন স্থানত অপ্ৰীতিকৰ ঘটনাৰ লগতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চুলাই মদৰ ভাটিসমূহক লৈ স্থানীয় ৰাইজো অস্বস্তিত ভুগিছিল ৷
লগতে পঢ়ক : Bribery case: তিনি হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে কৃষি বিষয়াই