thumbnail

By

Published : Mar 11, 2023, 11:06 AM IST

ETV Bharat / Videos

Panchayat employee arrested in Teok: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পঞ্চায়তৰ কৰ্মচাৰী

টীয়ক, ১১ মাৰ্চ: চৰকাৰৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত দুৰ্নীতি তথা কামৰ বিনিময়ত হিচাপ বহিৰ্ভুতভাৱে ধন আদায়ৰ বেহা ৷ এই অপকৰ্মত লিপ্ত হৈ টীয়কত গ্ৰেপ্তাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ এজন কৰ্মচাৰী ৷ এজন বিষয়াৰ বাবে ধন সংগ্ৰহ কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এইজন কৰ্মচাৰী (Panchayat Employees arrested at Teok) ৷

যোৰহাট জিলাৰ টীয়কত শুক্ৰবাৰে বিয়লি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় (Chief Ministers Anti Corruption Branch)। এই অভিযানৰ সময়ত টীয়ক গাঁও পঞ্চায়ত সমবায় সমিতিৰ কৰ্মচাৰী ৰঞ্জন শইকীয়াক কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । বিশষ সূত্ৰৰ পৰা জানিব পৰা মতে, সমবায় সমিতিখনৰ এজেন্টৰ পৰা যোৰহাট জিলাৰ জনৈক দাস উপাধিৰ এজন বিষয়াৰ বাবে ধন সংগ্ৰহ কৰি থকাৰ সময়তে তেওঁক হাতে লোটে ধৰা পেলায় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই (Panchayat employee arrested by ACB for taking bribe)। 

উল্লেখযোগ্য যে ধৃত ৰঞ্জন শইকীয়াক বিষয়াগৰাকীৰ বাবে এজেন্টসকলৰ পৰা ধন সংগ্ৰহত নিয়োজিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । কালি ৰঞ্জন শইকীয়াৰ গ্ৰেপ্তাৰে প্ৰমাণ কৰিলে এই অভিযোগৰ সত্যতা । ৰঞ্জন শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ পাছত ৰৌ বৰালিক এৰি পুঠি খলিহনাক জালত পেলোৱাক লৈ এতিয়া টীয়কবাসীৰ মাজত চৰ্চা হৈছে । এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক পাৰ্থপ্ৰতীম চুতীয়াই কয় যে কেৱল মাত্ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে কৰায়ত্ব কৰি চমক সৃষ্টি নকৰি প্ৰকৃত ঘটনাৰ উচিত তদন্ত কৰি উচ্চ প্ৰদস্থ বিষয়াসকলকো গ্ৰেপ্তাৰ কৰিব লাগে ।

লগতে পঢ়ক:Transgender tea stall in Assam : তৃতীয় লিংগৰ লোকে গুৱাহাটী ৰেল ষ্টেচনত আৰম্ভ কৰিলে চাহৰ বিপণী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.