Underdevelopment: অসমৰ এখন ঠাই যলৈ যোৱাৰ একমাত্ৰ উপায় জলপথ !

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 8:33 PM IST

thumbnail

জোনাই, ২৪ আগষ্ট : জোনাইৰ এটা অঞ্চল, য’ত নাই কোনো পথ নাই এখনো দলং ৷ আছে একমাত্ৰ জলপথ, তাকো চলে কেৱল টুলুঙা নাও ৷ এইয়াই বাস্তৱ ছবি এই অঞ্চলটোৰ ৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ গৈলাঘাট অঞ্চললৈ যাব পাৰি একমাত্ৰ নাৱৰ সহায়ত । অঞ্চলটোলৈ যাবলৈ জলপথৰ বাহিৰে নাই কোনো বিকল্প পথ । মন কৰিবলগীয়া কথা যে এই বুৰুহুতি নদীৰ ওপৰত এখন দলং নথকাত নিতৌ বিপদসংকুলভাৱে পাৰ হ’ব লগা হয় কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ । যি সময়ত চন্দ্ৰযান-৩ য়ে চন্দ্ৰত অৱতৰণ কৰি এক ইতিহাস সৃষ্টি কৰিলে তেনে সময়তো কিন্তু জোনাইৰ এনে পয়া লগা দৃশ্যই 'সব কা সাথ সব কা বিকাশ' শ্ল’গান দিয়া চৰকাৰৰ বিকাশৰ প্ৰকৃত চিত্ৰ উদঙাই দিছে ।

এইয়া ৰামধন দিখাৰী পঞ্চায়তৰ অন্তৰ্গত গৈলাঘাটৰ দৃশ্য । বছৰ বছৰ ধৰি গৈলাঘাট অঞ্চলত বসবাস কৰা এইসকল লোকে আজিও দেখি পোৱা নাই উন্নয়নৰ চেহেৰা । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বুৰুহুতি নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে বাৰে বাৰে আবেদন কৰাৰ পিচতো আজিও নিৰ্মাণ নহ’ল এখন দলং । যাৰ পৰিপ্ৰেক্ষিতত কেতিয়াবা সংঘটিত হৈছে ভয়ংকৰ অঘটন । এতিয়া স্থানীয় ৰাইজৰ এটাই আহ্বান যে অনতিপলমে বুৰুহুতি নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰি গৈলাঘাট অঞ্চলৰ যাতায়াত ব্যৱস্থা সুচল কৰি দিয়া ।

লগতে পঢ়ক : A village in Jonai has only bamboo bridges:জোনাইৰ এখন বিশেষ গাঁও, কেৱল বাঁহৰ দলঙৰেহে সংযুক্ত হৈ আছে বহি:জগতৰ সৈতে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.