Amrit Kalash Yatra in Hojai: হোজাইত লংকাজানত আৰম্ভ ‘‘অমৃত কলহ যাত্ৰা’’ - Mur Mati Mur Desh Programme 2023
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-09-2023/640-480-19585058-thumbnail-16x9-hojai.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 23, 2023, 12:28 PM IST
|Updated : Sep 23, 2023, 2:09 PM IST
হোজাই, 23 ছেপ্টেম্বৰ : 20 ছেপ্তেম্বৰৰ পৰা অসমৰ প্ৰতিটো পৰিয়ালৰ পৰা এমুঠি মাটি সংগ্ৰহ কৰা কাম আৰম্ভ হৈছে । শুকুৰবাৰে লংকাজান গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলাৰ দ্বাৰা ‘‘অমৃত কলহ যাত্ৰা’’ কাৰ্যসূচী ৰূপায়ন কৰা হয় । লংকাজান গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলাৰ দ্বাৰা শুকুৰবাৰৰ পৰা ‘‘অমৃত কলহ যাত্ৰা’’ কাৰ্যসূচী হিচাপে লংকাজান গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলাসকল একগোট হৈ জুথাংবস্তিত ঘৰে ঘৰে গৈ এমুঠি মাটি কলহত সংগ্ৰহ কৰে ৷
উল্লেখযোগ্য যে দেশৰ ৰাজধানী দিল্লীলৈ 270 টা কলহেৰে অসমৰ মাটি নিব দিল্লীলৈ ৷ ৰাজ্যৰ 270 টা ব্লকৰ পৰা অহা একোটাকৈ কলহ 27 অক্টোবৰ তাৰিখে ৰাজধানী এক্সপ্ৰেছযোগে প্ৰেৰণ কৰিব দিল্লীলৈ ৷ 28 অক্টোবৰত দিল্লীত কলহ লৈ উপস্থিত হোৱাৰ পিছতে 30 অক্টোবৰত আনুষ্ঠানিকভাৱে দেশৰ অমৃত উদ্যানত উছৰ্গা কৰিব অসমৰ মাটি ৷ এনেদৰে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচীৰে সাজু হৈ ৰাজ্য চৰকাৰ ৷ 20 ছেপ্তেম্বৰৰ পৰা ধাৰাবাহিক কাৰ্যসূচীৰে সংগ্ৰহ কৰা হৈছে অসমৰ প্ৰতিটো পৰিয়ালৰ এমুঠি মাটি বা চাউল ৷
লগতে পঢ়ক:Udali Model Hospital reopened: পুনৰ মুকলি কৰা হ’ল উদালী আদৰ্শ চিকিৎসালয়