Amrit Kalash Yatra: ডিমা হাছাওৰ 28 টা সমষ্টিত আৰম্ভ অমৃত কলহ যাত্ৰা - গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-10-2023/640-480-19662783-thumbnail-16x9-bahona.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 2, 2023, 5:05 PM IST
হাফলং, 2 অক্টোবৰ: স্বাধীনতাৰ অমৃতকাল উপলক্ষে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ উদ্যোগত ৰাজ্যুজৰি অমৃত কলহ যাত্ৰা হাতত লোৱা হৈছে । সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰৰ পৰা ডিমা হাছাও জিলাত আৰম্ভ হৈছে অমৃত কলহ যাত্ৰা। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা 28 টা সমষ্টিত আজিৰ পৰা অমৃত কলহ যাত্ৰা আৰম্ভ কৰা হৈছে ।
সোমবাৰে হাফলং নগৰ সমিতিৰ পথাৰত অমৃত কলহ যাত্ৰাত উপস্থিত থাকে ৰাজ্যৰ শক্তি তথা ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস।
হাফলং মিউনিচিপাল বর্ডৰ অধীনত থকা 13 টা ৱাৰ্ডৰ পৰা অমৃত কলহ যাত্ৰা উপলক্ষে মাটি সংগ্ৰহ অভিযান আৰম্ভ কৰা হয় ৷ এই অমৃত কলহ যাত্ৰাত উপস্থিত থাকি মাটি সংগ্ৰহ কৰে ৰাজ্যৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই।
এই যাত্ৰাত ভাগ লৈ দেৱলাল গাৰ্লোচাই কয় যে, হাফলংৰ পৰা দুটাকৈ কলহ লৈ যোৱা হ’ব ৷ ইয়াৰে এটা কলহ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আৰু এটা কলহ দিল্লীলৈ লৈ যোৱা হ’ব ৷ দিল্লীলৈ লৈ যোৱা কলহৰ মাটি অমৃত উদ্যানৰ বাবে ব্যৱহৃত হ’ব ৷ গুৱাহাটীত ৰখা কলহটোৰ মাটি ব্যৱহাৰ কৰা হ’ব গহপুৰত অনুষ্ঠিত হ’বলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলাৰ বাবে ৷
লগতে পঢ়ক: 154th Gandhi Jayanti : জোনাইত মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্ম জয়ন্তী পালন