Amrit Kalash Yatra : ডুমডুমাৰ অমৃত কলহ যাত্ৰালৈ দলেবলে ওলাই আহিল ৰাইজ - অমৃত কলহ যাত্ৰা ডুমডুমা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-10-2023/640-480-19749258-thumbnail-16x9-new.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 12, 2023, 5:27 PM IST
তিনিচুকীয়া, 12 অক্টাবৰ: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে প্ৰতিঘৰৰ পৰা এমুঠি মাটি অথবা চাউল সংগ্ৰহ কৰাৰ উদ্দেশ্য আয়োজন কৰা অমৃত কলহ যাত্ৰাত আজি ডুমডুমাত অংশগ্ৰহণ কৰে বিধায়ক ৰূপেশ গোৱালাই ৷ ডুমডুমা পৌৰসভাৰ উদ্যোগত আয়োজন কৰা পৌৰসভাৰ অন্তৰ্গত অঞ্চলৰ প্ৰতিটো ঘৰৰ পৰা এমুঠিকৈ সংগ্ৰহ কৰা চাউলসমূহ পৌৰসভাত সংমিশ্ৰণ কৰি দুটাকৈ কলহত জমা কৰে ৷ উক্ত কাৰ্যসূচী উপলক্ষে এক বিশাল সমদল কৰাৰ লগতে এখন সভাৰো আয়োজন কৰা হয় ৷ সমদলৰ লগতে সভাখনত ডুমডুমাৰ বহুসংখ্যক লোক উপস্থিত হৈ নাচিবাগি আনন্দৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ দুয়োটা কলহ ২৫ অক্টোবৰত গুৱাহাটীলৈ নিয়াৰ লগতে দুটা কলহৰ এটা গহপুৰত ডিচেম্বৰ মাহত নিৰ্মাণ কৰিবলগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয়লৈ আৰু আনটো দিল্লীত নিৰ্মাণ হ’বলগীয়া অমৃত বাটিকালৈ লৈ যোৱা হ’ব বুলি উল্লেখ কৰে বিধায়ক ৰূপেশ গোৱালাই ৷
লগতে পঢ়ক: Congress Amrit Kalash controversy: নিলম্বিত আফৰুজাই ক’লে আইন সকলোৰে বাবে সমান হ’ব লাগে