মাৰাথন জেৰাৰ পাছত যাবলৈ দিয়া হ’ল অম্লান দত্তক - Release of Victor Das
🎬 Watch Now: Feature Video
পাণবজাৰ থানাত(Panbazar police station) প্ৰায় ৫-৬ ঘণ্টাৰ মাৰাথান জেৰাৰ পাছত যাবলৈ দিয়া হ’ল অম্লান দত্তক (Student of Victor Das)। জেৰাৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিলে অম্লানজ্যোতি দত্তই (Amlanjyoti Dutta on Victor das)। প্ৰায় ১১ মান বজাৰ পৰা পানবজাৰ আৰক্ষীয়ে অম্লানজ্যোতি দত্তক সোধা-পোচা কৰে৷ সংবাদমাধ্যমৰ আগত অম্লানজ্যোতিয়ে কয় যে, ‘‘আৰক্ষীক মোৰ ওচৰত থকা সকলো তথ্য দিছোঁ ৷ আৰক্ষীয়ে উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিব বুলি মোৰ বিশ্বাস’’ ৷ ভিক্টৰ দাসক বিনাচৰ্তে মুক্তিৰ(Release of Victor Das) দাবী তুলিলে অম্লানে ৷ উল্লেখ্য যে দেওবাৰে ভিক্টৰ দাসৰ ছাত্ৰ অম্লান দত্তৰ লগতে আন চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীক আৰক্ষীয়ে জেৰা কৰে ।
Last Updated : Feb 3, 2023, 8:27 PM IST