Nalbari Murder Case: পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পন স্বামীৰ

🎬 Watch Now: Feature Video

thumbnail

নলবাৰী, 16 মে’ : ৰাজ্যত পুনৰ বোৱাৰী হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ নলবাৰীৰ ইছলাম চুপাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা (Nalbari Murder Case)। স্বামী আৰু শাহুৱেকে মিলি এগৰাকী বোৱাৰীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ 

উল্লেখ্য যে, সোমবাৰৰ নিশা স্বামী মঞ্জুৰ আলী আৰু পত্নী চামচিমা বেগমৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল ৷ তাৰ মাজতে বোৱাৰীগৰাকীয়ে নিজ ভগ্নীলৈ ফোন কৰি কোনোধৰণৰ মাত-বোল দিয়া নাছিল ৷ এই ঘটনাৰ পিচতে বোৱাৰীগৰাকীৰ ভগ্নীয়ে এই কথা অৱগত কৰি কাজিয়া হোৱা সন্দেহ কৰে (Women killed by husband and family) ৷  

ইফালে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোক গৈ পাই মানে তেতিয়ালৈ হত্যা কৰা হৈছিল বোৱাৰীগৰাকীক ৷ বোৱাৰীগৰাকীৰ পৰিয়ালে চামচিমাক স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷  ইতিমধ্যে হত্যাৰ অভিযুক্ত স্বামী মঞ্জুৰ আলমে নলবাৰী সদৰ থানাত আত্মসমৰ্পণ কৰাৰ কথা জানিব পৰা গৈছে (Allegation on Women killed by husband and family)। 

চামচিমাৰ পৰিয়ালে অভিযোগ কৰা মতে মঞ্জুৰৰ অইন মহিলাৰ সৈতে সম্পৰ্ক থকা বুলিও সদৰী কৰে ৷ ইয়াৰোপৰি স্বামী মঞ্জুৰ ড্ৰাগছ আসক্ত বুলিও অভিযোগ কৰিছিল পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে সম্প্ৰতি হত্যাৰ অভিযুক্ত মঞ্জুৰ আলমক কঠোৰ শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনায় ৷ 

লগতে পঢ়ক: Crime in Dibrugarh: মৰাণৰ মছজিদৰ দানপাত্ৰ ভাঙি চোৰে লুটিলে ৫০ হাজাৰ টকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.