Tense in central jail in Guwahati : কেন্দ্ৰীয় কাৰাগাৰত মুকলিকৈ ধনৰ লোৱাৰ অভিযোগ - কেন্দ্ৰীয় কাৰাগাৰত মুকলিকৈ ধনৰ লোৱাৰ অভিযোগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-06-2023/640-480-18872597-thumbnail-16x9-ghty-aspera.jpg)
গুৱাহাটী, ২৯ জুন:মহানগৰীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত বুধবাবে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কেন্দ্ৰীয় কাৰাগাৰত মুকলিকৈ ধনৰ লেনদেন হোৱাৰ অভিযোগ উত্থাপিত হৈছে । এতিয়া যেন ধন নিদিলে জামিন লাভ কৰাৰ পিচতো মুকলি হ'ব নোৱাৰে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ।
বুধবাৰৰ দিনটোত জামিন লাভ কৰা একাংশ কয়দীক ধন লৈ নিশা মুকলি কৰি দিয়াৰ অভিযোগ উঠিছে । ইয়াৰ বিপৰীতে ধন দিব নোৱাৰা একাংশ কয়দীক কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই মুকলি কৰি নিদিয়াৰ অভিযোগ উত্থান কৰিছে ভুক্তভোগী পৰিয়ালে । উত্থাপিত অভিযোগ মতে, কাৰাগাৰ কৰ্তৃপক্ষই ১০০০ টকাকৈ লৈ জেলৰ পৰা উলিয়াই দিয়ে । টকা নিদিলে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই এৰি নিদিয়ে কয়দী অথবা অভিযুক্তক । দুই তিনিদিন পূৰ্বেও কয়দীক কাৰাগাৰত লগ কৰিবলৈ অহা পৰিয়ালৰ লোকৰ পৰা ধন লোৱাৰ অভিযোগ কৰিছে ভুক্তভোগীয়ে ।
লগতে পঢ়ক:Ghograpar Police station incident : উপ পৰিদৰ্শকে কলংকিত কৰিলে ঘগ্ৰাপাৰ থানাক !