Corruption of Fair Price Rice: সমবায় এজেন্টে গোপনে বিক্ৰী কৰিলে চাউল - সমবায় এজেন্টে গোপনে বিক্ৰী কৰিলে চাউল
🎬 Watch Now: Feature Video
মৰাণ, ১৭ জুন: ৰাজ্য চৰকাৰে কঠোৰ নিৰ্দেশ দিয়াৰ পিচতো দৰিদ্ৰ ৰাইজলৈ দিয়া চাউল হৰলুকি হোৱাৰ ঘটনা সংঘটিত হৈয়ে আছে । এই কঠোৰ নিৰ্দেশক আওকান কৰি একাংশ সমবায় সমিতিয়ে সংঘটিত কৰিছে চাউল কেলেংকাৰি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ত বিভিন্ন সময়ত সমবায় এজেন্টে সংঘটিত কৰি আহিছে এনে অনিয়ম । এইবাৰ পোহৰলৈ আহিছে দুলীয়াজানৰ নাওহলীয়াত চৰকাৰী চাউলৰ ক'লা বেহা।
দুলীয়াজানৰ নাওহলীয়াত শনিবাৰে ৰাইজে ঘেৰাও কৰিলে ক'লা বেহা চলোৱা এজেন্ট দীপক মজুমদাৰৰ গৃহ । ৰাইজৰ নামত অহা চৰকাৰী চাউল দুই/তিনি মাহলৈকে নোপোৱাৰ ফলত স্থানীয় ৰাইজে এজেন্ট দীপক মজুমদাৰৰ বাসগৃহত উপস্থিত হয় । ৰাইজে অভিযোগ কৰা অনুসৰি এজেন্ট দীপক মজুমদাৰে ৰাইজক চাউল আজি দিম কালি দিম কৈ ঠগি আহিছিল । লগতে এজেন্টজনে কিছু সংখ্যক লোকক কম মূল্যত চাউল গোপনে বিক্ৰী কৰি আহিছিল ।
আজি ৰাইজে কম মূল্যত চাউল ক্ৰয় কৰা ব্যক্তিসকলকৰ ঘৰে ঘৰে গৈ জবাবদিহি কৰে । ক্ষুব্ধ ৰাইজে সমগ্ৰ ঘটনাটো নাওহলীয়া আৰক্ষীক অৱগত কৰে । পিচত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত । অভিযোগমতে এজেন্ট দীপক মজুমদাৰে চৰকাৰী চাউলৰ বস্তা সলনি কৰি দীৰ্ঘদিন ধৰি চাউলৰ ক'লা বেপাৰ চলাই আহিছে ।
লগতে পঢ়ক:Dilapidated road in Jonai:জোনাইৰ গালীঘাটত বিদ্যালয়লৈ যাবলৈ নাই পথ