Scam in PMAY scheme: টকা দিলে ঘৰ পায়, টকা নিদিলে উপাই নাই ! ক’ত চলিছে এই বজাৰ ? - দুৰ্নীতি তথা অনিয়মৰ অভিযোগ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 29, 2023, 5:22 PM IST

বঢ়মপুৰ, 29 এপ্ৰিল : ৰাজ্যত আকৌ দুৰ্নীতি তথা অনিয়মৰ অভিযোগ ৷ টকা দিলেহে প্ৰকৃত হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ প্ৰদানৰ অভিযোগ উঠিছে পঞ্চায়তৰ সদস্যৰ বিৰুদ্ধে ৷ আনকি বহু হিতাধিকাৰীয়ে পঞ্চায়ত কাৰ্যালয়লৈ বাটকুৰি বাই থাকিও আজি পৰ্যন্ত নাপালে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ বাসগৃহ ৷ এই অভিযোগ উত্থাপন কৰিছে কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংচকী গাঁও পঞ্চায়তবাসী ৰাইজে (Allegation against panchayat member scam in PMAY) ৷

অঞ্চলবাসীয়ে অভিযোগ কৰা অনুসৰি, কামপুৰত প্ৰধানমন্ত্ৰী আবাস গৃহ প্ৰদানৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে । ফলত বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী ৷ আনকি পকীঘৰ থকা লোকেহে বৰ্তমান অঞ্চলটোত লাভ কৰিছে চৰকাৰী বাসগৃহ ৷ এই অভিযোগ গাঁওবাসীৰ ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনত সংঘটিত হোৱা এনে দুৰ্নীতিক লৈ ক্ষোব্ধ হৈ পৰিছে কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংচকী গাঁও পঞ্চায়তবাসী ৰাইজ (Scam in PMAY scheme at Kampur) ৷

চৰকাৰে দৰিদ্ৰ লোকৰ বাবে প্ৰদান কৰা প্ৰধানমন্ত্ৰী আবাস গৃহ একাংশ জনপ্ৰতিনিধিয়ে কেইটামান টকাৰ লোভত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে, অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো ধনীলোকে আঁচনিসমূহৰ সুবিধা লাভ কৰাত এতিয়া জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ ৷ যাৰ বাবে চাংচকী পঞ্চায়তবাসীয়ে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাই পঞ্চায়তটোত চলি থকা দুৰ্নীতিৰ সঠিক তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীক আঁচনিসমূহৰ সুবিধা প্ৰদান কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক : Allegation of Scam : বৰাচিৰা নদীৰ খুটাকাণ ঘাটত গাইড বান্ধ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.