thumbnail

Kokrajhar DC Thrashes Employee : উপায়ুক্ত বৰ্ণালী ডেকাৰ প্ৰহাৰত চিকিৎসাধীন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী

By

Published : Jan 28, 2023, 10:00 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

কোকৰাঝাৰ, ২৮ জানুৱাৰী : ‘‘আমাৰ ল’ৰা নাই ৷ আমাক কোনে চাব ? চি এম ছাৰক অনুৰোধ জনাইছোঁ দেউতাক ন্যায় দিয়ক ৷ নহ’লে ভাবিম যে চৰকাৰ বুলি একো নাই ’’- সংবাদ মাধ্যমৰ জৰিয়তে এগৰাকী অসহায় যুৱতীৰ কাতৰ অনুৰোধ এয়া ৷ কোকৰাঝাৰৰ উপায়ুক্তই উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীক প্ৰহাৰ কৰাৰ পাছত কৰ্মচাৰীগৰাকীৰ কন্যাই ন্যায় বিচাৰিলে পিতৃৰ বাবে ৷

কোকৰাঝাৰ জিলা উপায়ুক্তৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ জিলাখনৰ উপায়ুক্ত বৰ্ণালী ডেকাই কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Kokrajhar DC thrashes employee)৷ জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ (IAS Varnali Deka) হাতত শাৰীৰিকভাৱে অপদস্ত হোৱা কৰ্মচাৰীগৰাকী হ'ল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাস ৷ শনিবাৰে সংবাদমাধ্যমৰ আগত ভুক্তভোগী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসে অভিযোগ কৰা অনুসৰি সামান্য কথাতে জিলা উপায়ুক্তগৰাকীয়ে তেওঁক প্ৰহাৰ কৰে ৷

জিলা উপায়ুক্তগৰাকীৰ খাদ্য সামগ্ৰী বেগত ভৰাই নিনিয়াৰ বাবেই প্ৰথমে খাদ্যসামগ্ৰী থকা হটকেচৰ ঢাকোন খুলি কৰ্মচাৰীগৰাকীৰ গালৈ দলিয়ায় আৰু তাৰ পাছতে প্ৰহাৰ কৰে বুলি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসে অভিযোগ কৰিছে ৷ তদুপৰি বয়োজেষ্ঠ্য কৰ্মচাৰীজনক ১৫/২০ মিনিট সময় ধৰি ধৰি থিয় কৰাই ৰাখি শাস্তি প্ৰদান কৰা বুলিও অভিযোগ উঠিছে ৷ জিলা উপায়ুক্তৰ প্ৰহাৰত আহত হোৱা কৰ্মচাৰী দীপক দাস বৰ্তমান কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত(RNB Civil Hospital Kokrajhar) চিকিৎসাধীন হৈ আছে ৷

ঘটনাটো শুকুৰবাৰে সংঘটিত হৈছিল যদিও শনিবাৰে পৰিয়ালৰ লোকে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰাৰ পাছতহে ঘটনাটো পোহৰলৈ আহে ৷ ইপিনে উক্ত ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে কৰ্মচাৰীগৰাকীৰ পত্নী আৰু কন্যাই ৷ তেওঁলোকে জিলা উপায়ুক্তই কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অধিকাৰ ক’ত পালে বুলিও প্ৰশ্ন উত্থাপন কৰি কান্দি কান্দি ন্যায় প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ আহ্বান জনায় ৷

উল্লেখ্য যে, আইএএছ বিষয়া বৰ্ণালী ডেকাই ইয়াৰ পূৰ্বেও কাৰ্যালয়ৰ কৰ্মচাৰীসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে দমন নীতিৰে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegation against DC Varnali Deka)৷ উপায়ুক্তগৰাকীৰ বিৰুদ্ধে কাৰ্যলয়টোৰ আন এগৰাকী কৰ্মচাৰীয়েও হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে ৷  জিলা উপায়ুক্তই কৰ্মচাৰীৰ মূৰ ফালি দিয়াৰো ধমক দিয়া বুলি অভিযোগ উত্থাপিত হৈছে ৷ জিলা উপায়ুক্তৰ এনে কাণ্ডক লৈ সম্প্ৰতি কোকৰাঝাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইপিনে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে ৷

লগতে পঢ়ক: Amiyo Bhuyan Controversy : ইজনৰ পাছত সিজনক দুৰ্ব্যৱহাৰ বিধায়ক অমিয় ভূঞাৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.