তেজপুৰত বিৰোধী ঐক্য মঞ্চৰ সভা, সন্মিলিত হৈ আগবাঢ়ি যোৱাৰ সংকল্প - INDIA Bloc News

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 5:14 PM IST

Updated : Jan 8, 2024, 6:12 PM IST

তেজপুৰ, 8 জানুৱাৰী : তেজপুৰত সোমবাৰে বিৰোধী ঐক্যমঞ্চ I.N.D.I.A ৰ এখন সভা অনুষ্ঠিত হয় ৷ বিৰোধী ঐক্যমঞ্চৰ অন্তৰ্গত আটাইকেইটা দলৰ তেজপুৰ জিলা সমিতিৰ মাজত অনুষ্ঠিত হয় এই সভা ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ লগতে 2026 পৰ্যন্ত বিৰোধী ঐক্যমঞ্চ অটুট থাকিব আৰু লোকসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হ’ব বুলি দাবী কৰে বিৰোধী নেতাসকলে ৷

মোহিনী বিবাহ ভৱনত শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ পৌৰোহিত্যত অনুষ্ঠিত বিৰোধী ঐক্যমঞ্চৰ সভাখনত কংগ্ৰেছৰ লগতে আপ, অসম জাতীয় পৰিষদ, জে ডি ইউ, এন চি পি, চি পি আই (এম), ৰাইজৰ দলসহ মুঠ সাতটা বিৰোধী দলৰ জিলা সভাপতি তথা বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷ আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধী সকলো দলে সন্মিলিত হৈ আগবাঢ়ি যোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে সভাত ৷

বিৰোধী ঐক্য মঞ্চৰ 15 টা দলে উমৈহতীয়া প্ৰাৰ্থীজনক শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে বিজয়ী কৰাৰ সংকল্প গ্ৰহণ কৰে ৷ জানুৱাৰীৰ দ্বিতীয় পষেকত ৰাজ্যলৈ আহিবলগীয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত ঐক্য মঞ্চৰ সকলো দলে সহযোগিতা আগবঢ়োৱাৰ বাবে এই সভাত ঐক্যমত পোষণ কৰে ৷ 

লগতে পঢ়ক : ন্যায্য প্ৰাপ্তিৰ দাবীত গোলাঘাটত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Last Updated : Jan 8, 2024, 6:12 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.