Manish Sisodia arrested: অতিশীঘ্ৰে মুকলি কৰি দিয়ক মনীষ চিছোদিয়াক: অখিল গগৈ

By

Published : Feb 27, 2023, 8:27 AM IST

thumbnail

গুৱাহাটী,২৭ ফ্ৰেব্ৰুৱাৰী: দিল্লী সুৰা কেলেংকাৰীৰ (Delhi liquor scam case) গোচৰত দেওবাৰে গ্ৰেপ্তাৰ বৰণ কৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই (Delhi Deputy Chief Minister Manish Sisodia ) । ইয়াৰ পাছতে দেশজুৰি বিৰোধী দলকে আদি কৰি বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ সম্পৰ্কে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও প্ৰকাশ কৰে প্ৰতিক্ৰিয়া(Akhil Gogoi reaction on arrest of Manish Sisodia) । 

বিধায়ক অখিল গগৈয়ে এই গ্ৰেপ্তাৰক এক প্ৰতিশোধমূলক গ্ৰেপ্তাৰ আখ্যা দি এনে কাৰ্যক তীব্ৰ গৰিহণা দিয়ে । BJP দলক দুৰ্নীতিগ্ৰস্ত এটা দল বুলি সমালোচনা কৰি গগৈয়ে কয় যে, BJP য়ে গোটেই দেশৰ সম্পদ তথা বজাৰ পুঁজিপতিৰ হাতত অৰ্পণ কৰিছে আৰু তাৰ বাবে দেশৰ আইন-কানুনকে সলাই পেলাইছে (Akhil Gogoi slams BJP) । তেনে এটা দলে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক আবকাৰী নীতিৰ দোহাই দি গ্ৰেপ্তাৰ কৰা ঘটনাটো চালনীয়ে বেজীৰ ফুটাক হঁহাৰ নিচিনা এক ঘটনা বুলি উল্লেখ কৰে গগৈয়ে ।

এই গ্ৰেপ্তাৰক তীব্ৰ ভাষাৰে গৰিহণা দি মনীষ চিছোদিয়াক অতি শীঘ্ৰে মুকলি কৰাৰ দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে । লগতে দেশৰ বাবে এয়া এক জটিল পৰিস্থিতি বুলি উল্লেখ কৰি, এনে সময়ত দেশৰ সকলো বিৰোধী ৰাজনৈতিক দলক একগোট হোৱাৰ আহ্বান জনাই অখিল গগৈয়ে । সকলোকে একত্ৰিত হৈ BJP ৰ এনে ফেচিবাদী নীতিৰ বিৰুদ্ধে তীব্ৰ বিৰোধীতা কৰিবলৈ আহ্বান জনাই গগৈয়ে কয় যে পৰৱৰ্তী সময়ত BJP য়ে আন আন দলৰ নেতাসকলকো এনেদৰেই গ্ৰেপ্তাৰ কৰি দমন কৰাৰ চেষ্টা কৰিব ।

উল্লেখ্য যে, দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক কেন্দ্ৰীয় তদন্তকাৰী সংস্থা অৰ্থাৎ চি আই ডিয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে । দেওবাৰে পুৱাৰে পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ বিষয়াই পূৰ্বৰ আবকাৰী নীতিৰ গোচৰ সন্দৰ্ভত চিছোদিয়াক আঠ ঘণ্টা ধৰি জেৰা চলাইছিল (CBI arrested Manish Sisodia) ৷ চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ বাহিৰত গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা । যাৰ পৰিপ্ৰেক্ষিতত মনীষ চিছোদিয়াক 'গৃহবন্দী' কৰি ৰখা বুলি দাবী উত্থাপন কৰিছিল আপৰ নেতাসকলে । 

লগতে পঢ়ক: Manish Sisodia arrested: দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.