thumbnail

By

Published : Feb 12, 2023, 10:43 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / Videos

Drugs Peddler Arrested in Lakhimpur : লখিমপুৰত AJYCP কৰ্মীয়ে কৰায়ত্ব কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক

লখিমপুৰ, ১২ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে (Anti drugs mission in Lakhimpur)৷ আৰক্ষীৰ সমান্তৰালকৈ লখিমপুৰত সাধাৰণ ৰাইজ আৰু ছাত্ৰ সংগঠনৰ তৰফৰ পৰাও নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলি থকা দেখা গৈছে ৷

দেওবাৰে সন্ধিয়া লখিমপুৰ নগৰৰ সমীপৰ বাইপাছত ড্ৰাগছসহ এজন যুৱকক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই (AJYCP Lakhimpur) কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে ৷ লখিমপুৰৰ চৰাইমৰীয়া বাইপাছত এখন অট’ত ৪৩ টা হেৰ’ইনৰ কন্টেইনাৰসহ ৰুস্তম আলি নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক কৰায়ত্ব কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলাৰ নেতৃত্বই ।

ৰুস্তম আলিৰ ঘৰ লখিমপুৰ নগৰৰ খেলমাটিত ৷ ৰুস্তমে কদম এলেকাৰ পৰা ড্ৰাগছৰ কন্টেইনাৰসমূহ অৰুণাচল প্ৰদেশলৈ চালান দিয়াৰ বাবে আনিছিল বুলি জানিবপৰা গৈছে ৷ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে আৰক্ষীয়ে AS07 AC 4805 নম্বৰৰ অট’ৰিক্সাখনো জব্দ কৰে ৷ ধৃত ৰুস্তম আলিক সম্প্ৰতি লীলাবাৰী আৰক্ষীয়ে সদৰ থানালৈ প্ৰেৰণ কৰিছে (Drugs peddler arrested in lakhimpur)৷

ইফালে গুৱাহাটী মহানগৰীতো দেওবাৰে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে ৰে’লৱে আৰক্ষীয়ে ৷ বিবেক এক্সপ্ৰেছ নামৰ ৰে’লখনৰ ডবাৰ পৰা গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি ৷ অৱশ্যে গাঞ্জাখিনিৰ সৰবৰাহকাৰীক আটক কৰিবলৈ এই পৰ্যন্ত আৰক্ষী সক্ষম হোৱা নাই ৷

লগতে পঢ়ক : Ganja Seized in Guwahati : গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.