Price Hike in Assam: মন্ত্ৰী ৰণজিৎ দাসৰ শৱদেহ কঢ়িয়াই অভিনৱ প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ - যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
🎬 Watch Now: Feature Video
যোৰহাট, 6 জুলাই: বৃহস্পতিবাৰে জিলাই জিলাই যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰতীকি শৱদেহ কঢ়িয়াই নি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰে যোগান বিভাগৰ শ্মশান যাত্ৰা উলিয়ালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে ৷
উল্লেখ্য যে খাদ্য সামগ্ৰীৰ দৰ নিয়ন্ত্ৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে যোগান বিভাগ ৷ যোগান বিভাগৰ মন্ত্ৰীগৰাকীয়ে দাম বৃদ্ধি ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে বিভিন্ন সময়ত টুলুঙা মন্তব্য কৰি আহিছে ৷
বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰতীকি শৱদেহ সাঙিত কঢ়িয়াই আনি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যুৱ ছাত্ৰ পৰিষদে ৷ ৰাজপথ মাজেৰে পদযাত্ৰা কৰি সংগঠনটোৱে যোগান মন্ত্ৰী ৰণজিৎ দাসৰ প্ৰতীকী শৱদেহ নৈত উটুৱাই দিয়ে । লগতে শীঘ্ৰেই যোগান বিভাগক দামবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় ৷
লগত পঢ়ক: Pig Syndicate: ৰাজ্যত সক্ৰিয় গাহৰি চিণ্ডিকেট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী অসমীয়া যুৱ মঞ্চৰ