Irregular power supply: বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত নামৰূপত শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ - AJYCP protest against electricity charges
🎬 Watch Now: Feature Video
Published : Oct 3, 2023, 6:48 PM IST
নাহৰকটীয়া, ৩ অক্টোবৰ: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে নামৰূপ আঞ্চলিক সমিতিৰ উদ্যোগত আজি নামৰূপ নামঘৰ চাৰিআলিত অস্বাভাৱিক বিদ্যুৎ কৰ্তন, বৰ্ধিত বিদ্যুৎ মাছুল হ্ৰাস কৰাৰ দাবীৰে সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৱে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদস্থলীৰ পৰাই সংগঠনটোৱে শক্তি মন্ত্ৰীৰ নন্দিতা গাৰ্লোচাৰ পদত্যাগৰ দাবী উত্থাপন কৰে ।
সংগঠনটোৰ নামৰূপ আঞ্চলিকৰ নেতা মানসজ্যোতি চাংমাই কয় যে এই প্ৰচণ্ড গৰমত চৰকাৰে নিয়মীয়া বিদ্যুৎ যোগানেৰে ৰাইজক সকাহ দিয়াৰ বিপৰীতে অস্বাভাৱিক বিদ্যুৎ কৰ্তন আৰু বিদ্যুতৰ অত্যধিক মাচুল বৃদ্ধিৰে মাধমাৰ সোধাইছে । চৰকাৰখনৰ জনবিৰোধী নীতিৰ বাবে এই উৎকট গৰমত ৰাইজে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হৈছে । ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু একো হ’ব নোৱাৰে বুলি উল্লেখ কৰি ছাত্ৰ নেতাজনে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই পদত্যাগ কৰাৰ দাবী উত্থাপন কৰে । লগতে তেওঁ চৰকাৰৰ এই জনবিৰোধী নীতি পৰিহাৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন চলাই যাব বুলি সকীয়াই দিয়ে ।
লগতে পঢ়ক:Irregular power supply in Assam: ৰাজপথত জ্বলিল শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি