Lakhimpur firing case:অৰুণাচলী দুৰ্বৃত্তক শাস্তিৰ দাবীৰে মৰিগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - AJYCP protest in Marigaon

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 8, 2023, 6:56 PM IST

মৰিগাঁও, ৮ জুন: লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত দুগৰাকী অসমীয়া লোকক অৰুণাচলী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ঘটনাৰ বিৰুদ্ধে ৰাজ্যত আজিও  প্ৰতিবাদ অব্যাহত (Assam Arunachal border tense)৷ বৃহস্পতিবাৰে মৰিগাঁৱত এই ঘটনাৰ  প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Assam Arunachal border firing case) ৷  

চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ৰাজ্য়ৰ আন ঠাইৰ  লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়েও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP protest in Marigaon)। উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পিচতেই  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে  মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

আনহাতে, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত যি মন্তব্য আগবঢ়াইছিল সেই মন্তব্যৰ তীব্ৰ সমালোচনা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ সভাপতি জ্যোতিময় গোস্বামীয়ে (AJYCP react on Biswajit Daimary comment)। তেওঁ কয় যে বিধানসভাৰ বিভিন্ন কাৰ্যসূচী সমূহ শীত-তাপ নিয়ন্ত্ৰণ কোঠাত অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে গছৰ তলত অনুষ্ঠিত কৰিব লাগে ।

লগতে পঢ়ক:Lakhimpur firing case: অৰুণাচলী দুৰ্বৃত্তক শাস্তিৰ দাবীৰে মঙলদৈত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.